NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ আইন সজাগতা আৰু মত বিনিময় সভা

Posted by: কাজি জেইদুল ইছলাম September 23, 2018 7:56 pm
Awareness program at Biswanath college

বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ আইন সজাগতা আৰু মত বিনিময় সভা অনুষ্ঠিত হয়।

২০০৭ চনৰ অসম আৰক্ষী আইনৰ আধাৰত গঠিত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ, অসমৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আয়োগৰ সদস্য ড০ চাহানাজ ৰহমান, প্ৰিয়ঙ্কা হাজৰিকা, মুখ্য তদন্তকাৰী বিষয়া ভুদেৱ গোস্বামী, উত্তৰ অসমৰ উপ আৰক্ষী মহাপৰিদৰ্শক লাচিত বৰুৱা, বিশ্বনাথৰ আৰক্ষী অধীক্ষক, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অংশগ্ৰহণকাৰী বক্তাসকলে আৰক্ষীৰ কৰ্তব্যৰ উপৰিও সংশ্লিষ্ট আন বিভিন্ন বিষয়ৰ ওপৰত নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে।

আজিৰ এই সভাত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষী বিষয়া, কৰ্মচাৰী, জামুগুৰিহাটৰ কুসুমতলাৰ বেটেলিয়ানৰ বিষয়াসকলৰ লগতে বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ পৰা অহা গাঁওৰক্ষী বাহিনী, মহিলা সমিতিকে ধৰি বিভিন্ন সামাজিক সংগঠকৰ সৈতে এক গুৰুত্বপূৰ্ণ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।