NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বিদ্যুৎ বিভাগৰ অৱহেলা; এইবাৰ পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ

Posted by: মিণ্টু দাস September 23, 2018 9:41 pm
transformer explosion at Nagaon

নগাঁও জিলাৰ ৰূপহীহাটত ৭ জনকৈ লোকে মৃত্যুক আঁকোৱালি লোৱা মৰ্মান্তিক ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতে নগাঁও চহৰত আজি বিদ্যুৎ বিভাগৰ অৱহেলাৰ ফলত এটা ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণ ঘটে।

আজি দিনৰ প্ৰায় ১১:৩০ বজাত নগাঁও চহৰৰ শ্ৰীমন্ত শংকৰ মিশ্যন চাৰিআলিৰ (পানীগাঁ‌ও চাৰিআলিৰ) উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰটো হঠাৎ বিস্ফোৰণ ঘটি দপদপাই জ্বলি উঠে।

উক্ত অগ্নিকাণ্ডৰ জুইয়ে পানীগাঁও চাৰিআলি আৱৰি ধৰে। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ ক্ষিপ্ৰ তৎপৰতাত কাষৰীয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে।

স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে মেৰামতি নকৰা আৰু অধিক বিদ্যুৎ সৰবৰাহ কৰিব লগা হোৱা তথা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ট্ৰেন্সফৰ্মাৰৰ তেল সলনি নকৰাৰ বাবেই এই অঘটনটো সংঘটিত হ’ল।

উক্ত ঘটনাটোৰ ফলত পানীগাঁও চাৰিআলিৰ লগতে কাষৰীয়া অঞ্চলত এক আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ লগতে অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগৰ অৱহেলাক গৰিহনা দিয়ে।