NORTHEAST NOW (Assamese)
অসম

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ September 26, 2018 5:38 pm
RanjanGogoi

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতিয়ে ইতিপূৰ্বে নিযুক্তি দিয়া অসম সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ আজি হোৱা শুনানিত দেশৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে অধিবক্তা আৰ পি লুথৰা আৰু সত্যবীৰ শৰ্মাই ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়ধীশ হিচাপে নিযুক্তিৰ বিৰোধিতা কৰি জনোৱা আবেদনক খাৰিজ কৰে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খালৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ে গঠিত এখন বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অহা ২ অক্তোবৰত অৱসৰ ল’ব লগীয়া বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেৱল ৰঞ্জন গগৈৰ নামটো চৰকাৰলৈ অনুমোদন কৰি পঠাইছিল আৰু সেইটোৰ ভিত্তিত ১০ দিনৰ ভিতৰতে ৰাষ্ট্ৰপতিয়ে গগৈক নিযুক্তি দিয়ে। এতিয়া কেৱল অহা ৩ অক্তোবৰত শপত আৰু দায়িত্ব গ্ৰহণ বাকী আছিল।

কিন্তু তেনে অৱস্থাতে ৰঞ্জন গগৈয়ে ১২ জানুৱাৰীত দিয়া এখন সংবাদমেলৰ ঘটনাক লৈ অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মাই ৰঞ্জন গগৈত এই শীৰ্ষ পদটোৰ বাবে অযোগ্য বুলি দাবী কৰি তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ আৱেদন জনাইছে উচ্চতম ন্যায়ালয়ত।