NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ দলৰ হাতত টকা নাই; মাৰ্ঘেৰিটাত প্ৰদ্যুত বৰদলৈ মন্তব্য

Posted by: মানস প্ৰতিম গগৈ September 26, 2018 5:09 pm
Pradyut Bordoloi

দেশ তথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ হাতত এতিয়া টকা নাই। এই মন্তব্য প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক (নাগালেণ্ডৰ দায়িত্বত) ৰূপে নিযুক্ত হোৱাৰ পিছত আজি মাৰ্ঘেৰিটাত উপস্থিত হৈ তেওঁ এই মন্তব্য কৰে।

এই উপলক্ষে মাৰ্ঘেৰিটাত অনুষ্ঠিত এখন দলীয় সম্বর্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ কংগ্ৰেছ দলৰ হাতত সভা পাতিবলৈ বা নিৰ্বাচনত ব্যয় কৰিবলৈ পৰ্যাপ্ত ধন নাই বুলি উল্লেখ কৰি কয়, ইয়াৰ বিপৰীতে ‘বিজেপিৰ হাতত বহু টকা। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ হাতত কোটি কোটি টকা আছে।’

আনহাতে, বিজেপিয়ে ব্যাপক হাৰত ধন আহৰণ কৰা বুলি কৈ তেওঁ লগতে কয় যে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কোটি কোটি টকা আহৰণ কৰিছে। এই সময়টো কংগ্ৰেছৰ বাবে অতি প্ৰত্যাহ্বানৰ সময় বুলি উল্লেখ কৰি তেওঁ ৰাইজেই দলটোৰ একমাত্র ভৰষা বুলি কয়।

উল্লেখযোগ্য যে নাগালেণ্ডৰ দায়িত্বত দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্ত হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত হোৱা বৰদলৈক দলীয় নেতা কৰ্মীসকলে ব্যাপকভাৱে সম্বর্ধনা জনায়। আজিৰ উক্ত সভাতে পঞ্চায়ত পৰ্য্যয়ৰ কেইবাজনো বিজেপি নেতাই কংগ্ৰেছ দলত যোগদান কৰে।