NORTHEAST NOW (Assamese)
অসম

মহানগৰীত এটা ঠিকনাৰ বাবে হাহাকাৰ ১৬ টাকৈ এইচ আক্ৰান্ত শিশুৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 6, 2018 9:32 pm

গুৱাহাটী মহানগৰীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে ১৬ টাকৈ এইচ আই ভি পজিটিভ শিশু। এটা ঠিকনাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া শিশু কেইটাই।

মহানগৰীৰ ছয়মাইলৰ সূৰুয নগৰত থকা কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোম নামৰ কেন্দ্ৰটোত থকা শিশু কেইটাই এতিয়া হ’বলৈ গৈ আছে গৃহহীন। আচাম নেটৱৰ্ক অব পজিটিভ পিপ’ল নামৰ বেচৰকাৰী সংস্থাটোৰ তত্ত্বাৱধানত কেন্দ্ৰটোত আছে এইচ আই ভি পজিটিভ শিশুকেইটা।

উল্লেখযোগ্য যে সংস্থাটোৱে সূৰুজ নগৰৰ ৯ নম্বৰ ঘৰটো ভাড়ালৈ লৈ দীৰ্ঘদিন ধৰি এইচ আক্ৰান্ত শিশুকেইটাক আশ্ৰয়, পৰিচৰ্যা আৰু শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু শেহতীয়াকৈ ঘৰটোৰ মালিকে ঘৰটো বিক্ৰী কৰি দিয়াত তাত থকা শিশুকেইটা সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।কাৰণ ভাড়া ঘৰটোৰ নতুন মালিকে সংস্থাটোক মাত্ৰ এমাহৰ ভিতৰত ঘৰটো এৰি দিবলৈ কৈছে।

আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’লৰ সভাপতি জাহ্নৱী গোস্বামীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি এইচ আক্ৰান্ত শিশুক ৰাখিবৰ বাবে ভাড়াঘৰৰ মালিকসকলে ঘৰ দিবলৈ অমান্তি হোৱাৰ বাবে সংস্থাটোৱে এতিয়ালৈকে ঘৰ পোৱা নাই।

তেওঁ নৰ্থ ইষ্ট নাওক কয় যে, ‘আমি এতিয়া নতুন ভাড়া ঘৰলৈ যাবলগীয়া হৈছে। আমি বহু ঠাইত ঘৰ বিচাৰিছো আৰু ঘৰ পাইছো, কিন্তু এইচ আই ভি প’জিটিভ শিশু ৰাখিম বুলি কোৱাৰ লগে লগে মালিকে ঘৰ ভাড়ালৈ নিদিয়া হয়। ইপিনে ডিচেম্বৰ মাহ শেষ হ’লেই এই ঘৰটো আমি খালি কৰিব লাগিব।’

উল্লেখযোগ্য যে আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’লে ২০১২ চনৰ আগষ্ট মাহত কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোম আৰম্ভ কৰিছিল। তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই কেন্দ্ৰটো মুকলি কৰিছিল। তেতিয়াৰ পৰাই গুৱাহাটীৰ বিভিন্ন ঠাইত ভাড়াঘৰত চলাই থাকিবলগীয়া হৈছে এই কেন্দ্ৰটো।

পূৰ্বে সংস্থাটোৱে গুৱাহাটীৰ সুন্দৰপুৰত তিনিটা স্থান সলাবলগীয়া হৈছিল। ইয়াৰ পাছত কিছুবছৰ পূৰ্বে সূৰুয নগৰৰ এই ঘৰটোলৈ আহিছিল।

জাহ্নৱী গোস্বামীয়ে আমাক কয় যে কেন্দ্ৰটোৰ শুভাৰম্ভণী অনুষ্ঠানত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এবছৰৰ ভিতৰত কেন্দ্ৰটোৰ বাবে এটা স্থায়ী ঠিকনা কৰি দিয়াৰ আশ্বাস দিছিল। কিন্তু আজিও সেয়া হৈ নুঠিল।

ইপিনে অসম ৰাজ্যিক এইচ নিয়ন্ত্ৰণ চ’চাইটিৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পাছতো এতিয়া এই কেন্দ্ৰটোত থকা শিশু কেইটালৈ আহিছে নিৰাপত্তাহীনতা। চ’চাইটিয়ে কেৱল নতুন ঘৰ বিচাৰিবলৈহে পৰামৰ্শ দিছে। কিন্তু নতুন ভাড়াঘৰ নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে আচাম নেটৱৰ্ক অৱ প’জিটিভ পিপ’ল নামৰ সংস্থাটো।

মন কৰিব লগীয়া যে মাত্ৰ কেইটামান দিনৰ পাছতেই ১৬ টাকৈ দুৰ্ভগীয়া শিশু থকা কস্তুৰী চিল্ড্ৰেন কেয়াৰ হোমে সূৰুয নগৰৰ ঘৰটো এৰি দিব লাগিব। এতিয়া ক’লৈ যাব এই শিশুকেইটা?