NORTHEAST NOW (Assamese)
অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 3:20 pm
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ জনীয়াত আজি যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী যুৱ কংগ্ৰেছ কৰ্মী সকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পুৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তিয়ো দাহ কৰে।

যুৱ কংগ্ৰেছৰ কৰ্মী সকলে প্ৰতিবাদৰ জৰিয়তে দেশত পেট্ৰ’ল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য শীঘ্ৰে ৰোধ কৰাৰ বাবেও চৰকাৰক দাবী জনায়।

আনহাতে, প্ৰতিবাদ স্থলীত যুৱ কংগ্ৰেছী সকলে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত জনীয়াত শতাধিক কংগ্ৰেছ কৰ্মী গোট খায়।