NORTHEAST NOW (Assamese)
অসম

বাইহাটা চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; এগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 3:05 pm

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত শনিবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে দুচকীয়া বাহনত আহি থকা দুগৰাকী যুৱকক পিছফালৰ পৰা খুন্দিওৱাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা ব্যক্তি গৰাকীৰ পৰিচয় বৰ্তমানলৈ লাভ কৰিব পৰা হোৱা নায়।

আঘাতপ্ৰাপ্ত হোৱা অন্য গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তি গৰাকীৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নায়।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত এ এছ-১৩-কে-৩৩৪০ নম্বৰৰ বাহনখন উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।