NORTHEAST NOW (Assamese)
অসম

ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰত ক্ষীপ্ৰতাৰে নিজৰ নাগৰিকক কোভিড ভেকচিন প্ৰদান কৰিছে : প্ৰধান মন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 2:35 pm

সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতে নিজ দেশৰ নাগৰিক সকলক ক্ষীপ্ৰ গতিত কোভিড ভেকচিন প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেওবাৰে মন কী বাট অনুষ্ঠান সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়।

‘‘ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ভেকচিনেশ্যন অভিযান আৰম্ভ কৰাৰ লগতে সকলোতকৈ ক্ষীপ্ৰতাৰে দেশৰ নাগৰিকক ভেকচিন প্ৰদান অব্যাহত ৰাখিছে,’’ মন কী বাটত মোদীয়ে এইদৰে কয়।

ভাৰতে মাত্ৰ ১৫ দিনৰ ভিতৰতে ৩০ লাখৰো অধিক কোভিড যোদ্ধাক কোভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলিও তথ্য দাঙি ধৰে।

এইক্ষেত্ৰত ৩০ লাখ স্বাস্থ্য কৰ্মীক কোভিড ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৮ দিন আৰু ব্ৰিটেইনক ৩৬ দিন সময়ৰ প্ৰয়োজন হৈছিল।

উল্লেখযোগ্য যে, ভাৰত বৰ্তমান সময়ত কোভিড ভেকচিনৰ বাবে সমগ্ৰ বিশ্বৰ আশাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

ৰাষ্ট্ৰসংঘই ভাৰতৰ ভেকচিন প্ৰস্তুত কৰিব পৰা ক্ষমতাক বিশ্ববাসীৰ বাবে এক দাঙৰ সম্পদ হিচাপে অভিহিত কৰিছে।

ভাৰতে ইতিমধ্যে নিজৰ চুবুৰীয়া বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, আফগানিস্তান আদি দেশলৈ কোভিড ভেকচিন বিনামূলীয়াভাৱে আগবঢ়াইছে।