NORTHEAST NOW (Assamese)
অসম

কৰ্ম সংস্কৃতিৰ জৰিয়েত প্লাষ্টিকমুক্ত মাজুলী গঢ়াৰ সংকল্প এদল মহিলাৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 29, 2019 2:12 pm

মানুহে দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে চৌপাশৰ পৰিৱেশ ভয়াৱহভাৱে বিনষ্ট কৰি আহিছে। ইয়াৰ ফলত বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও নামি আহিছে চৰম ভাবুকি।

এনে পৰিস্থিতিত চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত হিচাপে গঢ়ি তুলিবলৈ তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ মাজুলীৰ বিহিমপুৰ সত্ৰৰ মহিলাসকলে গঢ়ি তুলিছে এক কৰ্ম সংস্কৃতিৰ আন্দোলন।

“ই’ক” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰা গুগগুল, মেটেকা, কুঁহিয়াৰ, ধানখেৰ আদিৰে বিবিধ সামগ্ৰী তৈয়াৰৰ বাবে প্ৰশিক্ষণ লৈ ৯ গৰাকী মহিলাই ব্যৱহাৰিক জ্ঞান, প্ৰকৃতিৰ পৰা লাভ কৰা কেঁচামালক মূলধন ৰূপে লৈ চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিলে বিবিধ সামগ্ৰী তৈয়াৰৰ কাম।

বিহিমপুৰ সত্ৰৰ মিউজিয়াম গৃহটোকে অস্থায়ী ভাবে কেন্দ্র ৰূপে ব্যৱহাৰ কৰি উৎপাদনী কৰ্মত ব্যস্ত হৈ পৰিছে মহিলাসকল। বজাৰ কৰা বেগ, পানী বটল বেগ, কাষত লোৱা বেগ, টিফিন বেগ, ফাইল ক’ভাৰ, ডাইনিং টেবুলৰ মেট, গুগুলৰ কঠ, গামোচা আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তাৰ পৰাই বিক্ৰীও কৰিছে।

প্ৰয়োজনীয় কেঁচামাল সমূহ বিশেষকৈ গুগগুল, মেটেকা, ধানখেৰ, মোথা আদি মহিলা কেইগৰাকীয়ে নিজেই মাজুলীৰ বিভিন্ন স্থানৰপৰা সংগ্ৰহ কৰে।

মহিলা কেইগৰাকীৰ নাম হৈছে ৰঞ্জিতা গোস্বামী মহন্ত, বিনু শইকীয়া, মাজনি শইকীয়া, সৰুমাই বৰা, ৰিজু শইকীয়া, প্ৰিয়ংকা শইকীয়া, জুৰি বৰা, জিতু শইকীয়া আৰু নিৰ্মালি শইকীয়া।

বৰ্তমানলৈ কোনো চৰকাৰী পৃষ্ঠপোষকতা লাভ নকৰা এই উদ্যোগী মহিলাসকলে অনাগত দিনত অধিক উৎপাদন কৰিব পৰাকৈ উপযুক্ত এটি গৃহ, এটি বিক্ৰী কেন্দ্ৰ, প্ৰয়োজনীয় সা-সঁজুলি আদিৰ সুবিধা প্ৰদান কৰি অধিক উৎসাহ যোগাবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তপক্ষক আহ্বান জনাইছে।