NORTHEAST NOW (Assamese)
অসম

৯ বিধ নতুন সামগ্ৰী বাংলাদেশলৈ ৰপ্তানিত ত্ৰিপুৰা চৰকাৰৰ অনুমোদন

Posted by: এন ই নাও নিউজ September 27, 2018 6:04 pm
rice

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ তিনিটা ভূমি সীমাশুল্ক আস্থানৰ মাজেৰে ৯ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী বাংলাদেশলৈ ৰপ্তানিত অনুমোদন জনাইছে। উল্লেখিত এই ৯ বিধ সামগ্ৰী বন্দৰৰ যাৱতীয় কৰৰ পৰা ৰেহাই লাভ কৰিব।

এই ৯বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী হৈছে কেঁচা ৰবৰ, বাঁহৰ সামগ্ৰী, ঝাড়ুৰ ফুল, ছয়াবীনৰ গুটি, চিএনজিৰ দ্বাৰা চালিত মটৰ গাড়ীৰ যন্ত্ৰাংশ, চাউল, মাকৈ, পান আৰু শুকান মাছ।

ধান পান আৰু শুকান মাছ ৰপ্তানি কৰা হ’ব ত্ৰিপুৰাৰ দক্ষিণৰ ছিপাহিজালা জিলাৰ শ্ৰীমন্তপুৰ আৰু  মানুঘাট ভূমি সীমাশুল্ক আস্থানৰ মাজেৰে আৰু বাকী ৬বিধ সামগ্ৰী আগৰতলা-আখাউৰা আন্তৰ্জাতি তালাচী চকীৰ মাজেৰে ৰপ্তানি কৰা হ’ব।

ত্ৰিপুৰা চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ সভাপতি এম এল দেবনাথে কৈছে যে বন্দৰত এই ৯ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীক কৰৰ পৰা ৰেহাইৰ ব্যৱস্থা কৰাৰ বাবে দুই দেশৰ মাজৰ বাণিজ্য বৃদ্ধি পাব।

অতীতৰ তথ্যৰ প্ৰতিৱেদন পৰা জানিব পৰা যায় যে বাংলাদেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ মূল্য প্ৰায় ৩০০ কোটি আনহাতে ৰপ্তানিৰ পৰা আয় হৈছে ৮০ লাখ টকা।

চলিত বছৰৰ মাৰ্চত ত্ৰিপুৰা চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজে বাংলাদেশলৈ ৰপ্তানি কৰা ২৭ বিধ সামগ্ৰীৰ ওপৰত ৰেহাই ঘোষণা কৰিছিল, কিন্তু পাছত বাংলাদেশ চৰকাৰৰ সৈতে আলোচনাৰ পাছত এই সংখ্য ১০ বিধলৈ হ্ৰাস কৰা হৈছিল।