NORTHEAST NOW (Assamese)
অসম

সাংবাদিকক ধৰি-বান্ধি পিটিবলৈ উচটনিমূলক বক্তব্য দিয়া বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা লওকঃ ডি ৱাই এফ আই 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2023 7:12 pm

নিউজ চেনেল-প’ৰ্টেলৰ সাংবাদিকক ধৰি-বান্ধি পিটিবলৈ উচটনিমূলক বক্তব্য দিয়া সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী কৰিছে। 

শিলচৰৰ বাঁ‌শকান্দিৰ দাৰুল উলুম মাদ্ৰাছালৈ যোৱা ভিডিঅ’ সাংবাদিকক উদ্দেশ্যে এই মন্তব্য কৰিছিল  সাংসদ গৰাকীয়ে। এনে প্ৰৰোচনামূলক বক্তব্য স্বাভাৱিকতে উদ্বেগৰ বিষয়। 

সাধাৰণ ৰাইজ অথবা সাংসদ আজমলৰ সভ্য সমৰ্থকে এনে বক্তব্যত উৎসাহী হৈ সংবাদ কৰ্মীৰ বিৰুদ্ধে উগ্ৰৰূপ ধাৰণ কৰিব পাৰে। অতি চিন্তনীয় বিষয় যে শেহতীয়াভাৱে সাংসদ আজমলে ধাৰাবাহিকভাৱে সাম্প্ৰদায়িক আৰু প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে। কিন্তু ইমানৰ পাছতো অসম চৰকাৰ অথবা আৰক্ষী প্ৰশাসনে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। 

একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰী তথা বিজেপি দলৰ একাংশ নেতাই কট্টৰ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিব ধৰিছে সিমানেই  সাম্প্ৰদায়িক আৰু বিদ্বেষমূলক বক্তব্য বাঢ়ি গৈছে। সততে বদৰুদ্দিন আজমলৰ বিৰুদ্দে তীব্ৰ বাক্যবান নিক্ষেপ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ নিস্ক্ৰিয়তাই স্বাভাৱিকতে নানা প্ৰশ্নৰ উদ্ৰেক কৰিছে।

ডি ৱাই এফ আইয়ে দাবী কৰিছে শীঘ্ৰে আৰক্ষী বিভাগে আজমলকে ধৰি সাম্প্ৰদায়িক আৰু প্ৰৰোচনামূলক বক্তব্য দিয়া প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।