NORTHEAST NOW (Assamese)
অসম

নাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত কৃতি শিক্ষক,ছাত্ৰ-ছাত্ৰীক  সম্বধনা

Posted by: ইয়াছিন আলী September 28, 2018 4:17 pm
IMG-20180928-WA0023

আজি আবেলি ৫০ বজাত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত দক্ষিণ নাম্বাৰপাৰা আল আমিন ক্লাষ্টাৰ আৰু চাকলা আজান ফকীৰ ক্লাষ্টাৰৰ যৌথ উদ্যোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। জ্যেষ্ঠ শিক্ষক খাদিম আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক আব্দুল আজিজ আহমেদে।

সম্বৰ্ধনা সভা সঞ্চালনা কৰে নিলপৱন নাথে। ছাত্ৰ ছাত্ৰী, স্থানীয় দল সংগঠনৰ লগতে বিভিন্ন জনে কৃতি শিক্ষক মোৱাজ্জেম হুছেইন খানক বিপুল ভাৱে সম্বৰ্ধনা জনায়। সভাত উপস্থিত বিভিন্ন বিদ্যালয়ৰ শিক্ষক, বিদ্যালয়ৰ   পৰিচালনা সমিতিৰ সভাপতি, প্ৰাক্তন সভাপতিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে। সভাত কৃতি শিক্ষকৰ বঁটা লাভ কৰা শুকুৰ মামদ, নাম্বাৰপাৰা আঞ্চলিক কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কালাম আজাদ, সাহজাহান আলী আহমেদ আদিয়ে ভাষণ দিয়ে।

নাম্বাৰপাৰা হাইস্কুলৰ জেষ্ঠ শিক্ষক ইয়াছিন আলী আহমেদে ভাষণত কয় চেষ্টা কৰিলে সফলতা লাভ কৰাটো সম্ভৱ, লগতে ছাত্ৰ ছাত্ৰীক হাতৰ আখৰ ভাল কৰাৰ বাবে চেষ্টা কৰিবলৈ আহ্বান জনায়। সভাত শুভেচ্ছামুলক ভাষণ দিয়ে চিআৰচিচি ক্ৰমে গুলজাৰ হুছেইন, ছাইফুল ইছলাম, কোকিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা মাণিকপুৰস্থ ৰাধাকৃষ্ণণ একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰফিকুল ইছলামে।

কৃতি শিক্ষকদ্বয় মোৱাজ্জেম হুছেইন খান, শুকুৰ মামুদক প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰি ভাষণত কয় যে এশ এবুৰি সমস্যাৰে জৰ্জৰিত নাম্বাৰপাৰা অঞ্চলৰ দুজনকৈ শিক্ষাগুৰুৱে বঙাইগাঁও জিলাৰ ভিতৰত কৃতি শিক্ষকৰ বঁটা লাভ কৰাত অঞ্চলৰ বিদ্যালয়ৰ সমুহৰ শিক্ষাৰ মানদণ্ড অধিক উন্নত হোৱাৰ ক্ষেত্ৰত উৎসাহিত হ’ব। অদূৰ ভৱিষ্যতে নাম্বাৰপাৰা অঞ্চলৰ পৰা ৰাজ্যিক পৰ্য্যায়ৰ কৃতি শিক্ষকৰ বঁটা লাভ  কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

সভাত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, অভিভাৱক, স্থানীয়  ৰাইজ আৰু প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।