সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাৰ সদৌ ভাৰত ব্যৱসায় বন্ধ’ৰ সঁহাৰিত গুৱাহাটীত বন্ধ পেট্ৰল পাম্প

সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই (Confederation of All India Traders) আহ্বান জনোৱা ‘সদৌ ভাৰত ব্যৱসায় বন্ধ’ৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ পেট্ৰল পাম্পসমূহো আমি পুৱা ৫-০০ বজাৰ পৰা আবেলি ৫-০০বজালৈকে বন্ধ ৰঘখা হয়।
গুৱাহাটীত বন্ধলৈ সমৰ্থন জনোৱা সংস্থাটো হৈছে উত্তৰ পূব পেট্ৰলিয়াম ব্যৱসায়ী সংস্থাৰ বৃহত্তৰ গুৱাহাটী গোট।
উল্লেখ্য যে খুচুৰা ব্যৱসায়ত বিদেশী প্ৰত্যক্ষ বিনিয়োগ বন্ধ কৰা আৰু ৱালমাৰ্ট-ফ্লিপকাৰ্টৰ সৈতে ব্যৱসায়িক চুক্তি বন্ধ কৰা —উক্ত দাবীসমূহেৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই দেশৰ বিভিন্ন ব্যৱসায়িক সংগঠনৰ সহযোগত আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভাৰত ব্যৱসায় প্ৰতিষ্ঠান বন্ধৰ আহ্বান আহ্বান জনাইছিল।
গুৱাহাটীৰ নাগৰিকসকলে আজিৰ বন্ধৰ সম্পৰ্কে কালিয়েই আগতীয়াকৈ জানিব পৰা হেতুকে বিশেষ অসুবিধাত পৰা নাছিল।
উল্লেখ্য যে বন্ধ আজি কালি গুৱাহাটীত নিত্য-নৈমিত্যিক ঘটনা হৈ পৰা বাবে ইয়ে নাগৰিকৰ দৈনন্দিন জীৱনত বিশেষ প্ৰভাৱ পেলোৱাটো পৰিলক্ষিত হৈছে।