NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক, ২০১৬ সন্দৰ্ভত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি অগপলৈ অভিযোগৰ আঙুলি

Posted by: অভিক চক্ৰবৰ্তী October 2, 2018 5:43 pm
ae46af99-3345-408b-8f7d-367a66bd94f2

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ সন্দৰ্ভত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি অসম গণ পৰিষদৰ ফালে অভযোগৰ আঙুলি টোঁৱাইছে আঞ্চলিকতাবাদী অসম গণ পৰিষদে।

২অক্টোবৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে অগপৰ নেতাসকলে অসমৰ জনতাক বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ কৰিছে।

”যদিহে অগপ নেতৃবৃন্দই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰে তেওঁলোকে চৰকাৰৰ পৰা পদত্যাগ কৰিব লাগে। কিন্তু তেওঁলোকে সেয়া কৰা নাই। যদিহে তেওঁলোকে অসমৰ ৰাইজৰ কাৰণে সঁচাকৈয়েই চিন্তা কৰে তেন্তে বিধেয়কখন সম্পৰ্কত তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে।” নিজৰ আঞ্চলিকতাবাদী চিনাকি হেৰুওৱাৰ বাবে ‘আঞ্চলিকতাবাদী অগপ’ৰ সভাপতিগৰাকীয়ে অগপকএইদৰে দোষাৰোপ কৰে।

ৰাজকোঁৱৰে অভিযোগ কৰে, ‘‘বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ পাছত অগপই নিজৰ আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে। এতিয়া আৰু অগপৰ নেতাসকলে বিজেপি নেতৃবৃন্দৰ বিপক্ষে কোনো কথা নকয়।’’

উল্লেখ্য যে ১৯৮৫ৰ অসম চুক্তি অনুসৰি ১৯৭১ৰ ২৪ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা যিকোনো ব্যক্তিকেই ধৰ্ম নিৰ্বিশেষে এগৰাকী অবৈধ অনুপ্ৰৱেশকাৰী বুলি গণ্য কৰা হ’ব।

ৰাজকোঁৱৰে কৈছে, ‘‘অসমীয়াৰ সংস্কৃতি, ভাষা, চিনাকি এতিয়া সংকটৰ গৰাহত পৰা বাবে নাগৰিকত্ব বিধেয়ক বাতিল কৰিব লাগে। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে অসমৰ জনসাধাৰণৰ বিপৰীতে যোৱা কোনো সিদ্ধান্ত তেওঁ গ্ৰহণ নকৰে। কিন্তু তেওঁলোকেই এতিয়া অসমত বাংলাদেশী হিন্দুক সংস্থাপন কৰিবলৈ ওলাইছে।’’