NORTHEAST NOW (Assamese)
অসম

বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

Posted by: এন ই নাও নিউজ October 2, 2018 6:55 pm
Rajib-P-Barua-750x375

অসমৰ একাংশ আমোলা ৰাজনৈতিক মালিকসৱৰ ‘খুবেই ঘনিষ্ঠ’ বুলি পৰিচিত হোৱাৰ পৰত অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে, আৰু তাকো ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনুমোদন নোহোৱাকৈ, এজন এচিএছ বিষয়াই পোৱা নতুন নিযুক্তিয়ে বহুতৰে চকু কপালত তুলিছে। 

তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিক লৈ ২৮ ছেপ্তেম্বৰত এক জাননী (No. IPRD.62/2018/1)  জাৰি কৰিছে বিভাগটোৱে। 

“ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনিৰ্ণীত অনুমোদন আৰু ৰাজহুৱা সেৱাৰ স্বাৰ্থত, শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱাক…, ইয়াৰ দ্বাৰা ০১/১০/২০১৮ৰ পৰা এবছৰলৈ কাৰ্য্যকৰী হোৱাকৈ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পদমৰ্য্যাদাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে চুক্তিভিত্তিত নিযুক্তি দিয়া হৈছে,” জাননীত উল্লেখ। 

অসম প্ৰশাসনিক সেৱাৰ বিষয়া বৰুৱাই কাৰ্য্যকাল শেষ হোৱাত ৩০ ছেপ্তেম্বৰত অৱসৰ লৈছিল। অতিৰিক্ত সচিব হোৱাৰ উপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰূপেও দায়িত্বত আছিল। 

খবৰ অনুসৰি ১ অক্তোবৰৰ দিনৰ ১০ বজাত তেওঁ বিভাগটোৰ বিশেষ বিষয়াৰূপে কৰ্তব্যত যোগ দিছে। যোৱা ১৮ জুলাইত জাৰি কৰা OM No.AAP.98/2017/30 অনুসৰি চুক্তিভিত্তিক এই সময়চোৱাত তেওঁৰ দৰমহা আৰু আন সুবিধা নিৰ্ধাৰিত হ’ব। জাননী আৰু কৰ্মত যোগ দিয়াৰ প্ৰতিবেদন দুয়োটাই অসমৰ মুখ্য গাণনিক {Accountant General (A&E)} লৈ প্ৰেৰণ কৰা হৈছে বুলি চিহ্নিত কৰা হৈছে।

লগতে পঢ়ক- অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিয়ে দুটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে—প্ৰথম, ৰাজীৱ প্ৰকাশ বৰুৱাৰ নিযুক্তি অসম চৰকাৰৰ কৰ্মচাৰী (এ’) বিভাগৰ সচিবে নিদি, তথ্য আৰু জনসংযোগ বিভাগৰ সচিবে দিব লগা হ’ল কিয়? 

দ্বিতীয়তে, ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনুমোদন নোহোৱাকৈ ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিৰ জাননী জাৰি কৰাতো তথ্য আৰু জনসংযোগ বিভাগৰ সচিব এচ জেদ হাজৰিকাৰ বাবে ইমান গুৰুত্বপূৰ্ণ আছিল কিয়? 

ৰাজীৱ প্ৰকাশ বৰুৱাৰ সেৱা তথ্য আৰু জনসংযোগ বিভাগৰ বাবে ইমান গুৰুত্বপূৰ্ণ কিয় যে ৰাজ্যিক ক্ষমতাসম্পন্ন সমিতিৰ অনুমোদন নোহোৱাকৈ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে তেওঁক নিযুক্তিৰ জাননী জাৰি কৰিব লগা হ’ল? 

নে, ৰাজীৱ প্ৰকাশ বৰুৱাৰ নিযুক্তি অসমৰ ক্ষমতাৰ কৰিদৰৰ খুব গুৰুত্বপূৰ্ণ কাৰোবাৰ ইচ্ছা অনুসৰি হৈছিল? বৰুৱা অসমৰ মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ ‘ঘনিষ্ঠ’ বুলি জনাজাত। 

গোস্বামী আকৌ ৰাজীৱ প্ৰকাশ বৰুৱাৰ পিতৃ, অসমৰ এগৰাকী বিখ্যাত সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ স্মাৰক ন্যাসৰ সচিব।