NORTHEAST NOW (Assamese)
দেশ

দেশত উদ্ধাৰ হৈছে লিথিয়াম: জম্মু-কাশ্মীৰত লিথিয়ামৰ সন্ধান দিলে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2023 5:57 pm
Lithium Reserves Found

দেশত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰা হৈছে লিথিয়াম। জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আৱিষ্কাৰ হৈছে ৫৯ লাখ টন লিথিয়াম। বৃহস্পতিবাৰে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে।

বৈদ্যুতিক বাহন, মোবাইল ফোন আদি আদি ইলেক্ট্ৰনিক যন্ত্ৰত ব্যৱহৃত বেটাৰীৰ অন্যতম প্ৰধান উপাদান লিথিয়াম অতি ব্যয়বহুল। এতিয়া দেশত লিথিয়ামৰ আৱিষ্কাৰে দেশৰ বেটাৰী উদ্যোগত নতুন জোৱাৰ আনিব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ভাৰত বৰ্তমানলৈকে লিথিয়ামৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। এইবাৰ মন্ত্ৰালয়ে আশা কৰিছে যে দেশতে এই খনিজ পদাৰ্থৰ আৱিষ্কাৰৰ ফলত এই নিৰ্ভৰশীলতা হ্ৰাস পাব।

 

কেন্দ্ৰীয় খনি সচিব বিবেক ভৰদ্বাজে লিথিয়ামৰ আৱিষ্কাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ উদ্যোগ আগুৱাই নিব বুলি মন্তব্য কৰে। আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে এনে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ বিচাৰি উলিওৱাটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়।

খনি মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে লিথিয়ামৰ উপৰিও ৫ টা সোণৰ খনিও শেহতীয়াকৈ উদ্ধাৰ হৈছে। জম্মু-কাশ্মীৰৰ উপৰিও ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান, তামিলনাডু, তেলেংগানা আদিতো পটাছ, মলিবডিনামৰ দৰে খনিজ পদাৰ্থ পোৱা গৈছে।