NORTHEAST NOW (Assamese)
Popular Stories

চাওমিন পৰিবেশনত পলম! হোটেলৰ মালিকক প্ৰশ্ন কৰা বাবেই কিশোৰক হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2025 1:05 pm

চাওমিন খাই বিক্ৰেতাৰ সৈতে এজন কিশোৰৰ কাজিয়া! যাৰ ফলত ১৪ বছৰীয়া ল’ৰা এটাক প্ৰহাৰ কৰি হত্যা কৰা বিক্ৰেতাজনক গ্ৰেপ্তাৰ কৰা হয়। ওড়িশাৰ জাজপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে শান্তনু দাস তাত এখন বিপনীত চাওমিন কিনিবলৈ গৈছিল। কিন্তু বহু সময় অপেক্ষা কৰাৰ পাছতো খাদ্যখিনি নাপালে। প্ৰথমতে কিছু তৰ্ক হৈছিল যদিও পাছলৈ ই কাজিয়ালৈ পৰিণত হৈছিল। তাৰ পিছত বিক্ৰেতাৰ ঘৰত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে এই ঘটনাৰ সৈতে জড়িত দোকানৰ মালিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্ত বিজেডিৰ স্থানীয় নেতা বুলি জানিব পৰা গৈছে। ইতিমধ্যে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

যোৱা ৯ ফেব্ৰুৱাৰীৰ নিশা জাজপুৰ ব্লকৰ গোবিন্দপুৰ গাঁৱৰ সমীপৰ চাওমিন ষ্টলত সংঘটিত হয় এই দুৰ্ঘটনা। তাৰপিছত পুত্ৰৰ পলম হোৱা দেখি পিতৃ নিজেই দোকানখনলৈ গ’ল আৰু দোকানীজনক পলম হোৱাৰ কাৰণ সোধাত তেওঁকো গুৰুতৰভাৱে প্ৰহাৰ কৰা বুলি অভিযোগ উঠিছে। তাৰ পপাছত শান্তনুৱে এই ঘটনাৰ প্ৰতিবাদত স্থানীয় বিজেডি নেতা তথা দোকানৰ মালিক কমল মালিকে শান্তনুক লোহাৰ ৰডেৰে তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়।

স্থানীয় ৰাইজে শান্তনু আৰু তেওঁৰ পিতৃক গুৰুতৰ অৱস্থাত জাজপুৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰে। পিছত শান্তনুৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক কটকৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। দেওবাৰে নিশা চিকিৎসালয়ত মৃত্যু হয় কিশোৰজনৰ।

জানিব পৰা মতে, ঘটনাৰ তদন্তৰ অন্তত অভিযুক্ত মালিকক জাজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বাকী অভিযুক্তক এতিয়াও বিচাৰি পোৱা নাই, আৰু আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে।