NORTHEAST NOW (Assamese)
অসম

পুলিন দাস স্মাৰক ক্ৰীড়া কুইজ: কমল মেধি, মৃদুল কলিতালৈ শ্ৰেষ্ঠত্বৰ বঁটা

Posted by: এন ই নাও নিউজ October 2, 2018 8:18 pm
Pulin Das Quiz-2018

গুৱাহাটী লন টেনিছ সন্থা (GLTA)ই মঙলবাৰে আয়োজন কৰা পুলিন দাস স্মাৰক মুকলি প্ৰাইজ মানি ক্ৰীড়া কুইজ প্ৰতিযোগিতাত গুৱাহাটীৰ কমল মেধি আৰু মৃদুল ৰাম কলিতাই ১ম স্থান দখল কৰিছে।

প্ৰয়াত ক্ৰীড়া সাংবাদিক পুলিন দাসৰ স্মৃতিত ২য় বৰ্ষৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখনত গুৱাহাটীৰে বিশ্বজিৎ শৰ্মা আৰু ৰক্তিম ৰঞ্জন ডেকাই ২য় স্থান পোৱাৰ বিপৰীতে ৩য় স্থান দখল কৰিছে দীপজ্যোতি ডেকা আৰু চন্দন দুৱৰাই।

প্ৰথম ৩টা স্থান অধিকাৰ কৰা প্ৰতিযোগীসকলক ক্ৰমে ১০ হাজাৰ, ৭ হাজাৰ আৰু ৫ হাজাৰ টকাকৈ ধন আগবঢ়োৱা হ’ব।

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল দীপাংকৰ কৌশিক, দিলীপ কুমাৰ শৰ্মা আৰু চয়ন্তন শইকীয়াই।

অনুষ্ঠানটোত বহুকেইগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আৰু সংগঠক উপস্থিত আছিল।