NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত সদৌ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

Posted by: ছাজিদ খান October 2, 2018 9:14 pm
IMG-20181002-WA0014

সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে যে অহিংসাৰ দীৰ্ঘম্যাদী ফল ইতিবাচক হয়।  হিংসাৰ মাজেৰে সাধন কৰা কাৰ্যৰ ফল সদায় বেয়া আৰু বিজয় অস্থায়ী। মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত আয়োজন কৰা জনসভাত এইদৰে ব্যক্ত কৰে আবছুৰ সভাপতি প্ৰমোদ বড়োৱে।

১৯৩৪ চনৰ ১২ এপ্ৰিলত মহাত্মাই তেজপুৰৰ ‘হৰিজন সেৱক সংঘ’ই আয়োজন কৰা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত এইটো ঐতিহাসিক ৰে’লৱে ষ্টেশ্যনতেই ১৭ মিনিট ৰৈছিল।

আবছুৰ সভাপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে মহাত্মা গান্ধীৰ অহিংসাৰ বাণীৰ ওপৰত প্ৰতিষ্ঠিত পৃথক বড়োলেণ্ডৰ দাবীৰ অহিংস আন্দোলনে এদিন ইতিবাচক সমাপ্তি লাভ কৰিব।

নিজৰ ভাষণত সমাজকৰ্মী মুনীন্দ্ৰ শৰ্মাই ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষক অনুৰোধ জনায়।

আবছুৱে আয়োজন কৰা গান্ধী জয়ন্তীৰ এই অনুষ্ঠানটোত সাংসদ ৰমেন ডেকা, নেছাৰ্ছ বেকনৰ সৌম্যদীপ দত্ত, মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক (DRM) ৰৱিলা কুমাৰ, ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিং, সাহিত্য অকাডেমী বিজেতা তাৰাপতি উপাধ্যায়, নবীনমাল্লা বড়ো আৰু পুষ্পধৰ শৰ্মা আৰু এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সভাপতি ধীৰেন বড়ো আদি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে আবছুৰ সাংগঠনিক পতাকা আৰু ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই দিয়া হৈছিল।

উল্লেখ্য যে ওদালগুৰি টাউন কমিটীয়েও গান্ধী ময়দানত গান্ধী জয়ন্তী উদযাপন কৰি ১০ গৰাকী জ্যেষ্ঠ নাগৰিকৰ প্ৰতিগৰাকীক গামোচা, আৰনাই আৰু শৰাইৰে সম্বৰ্ধনা জনায়।