NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ অৰুণবালি চাপৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Posted by: কাজি জেইদুল ইছলাম October 2, 2018 10:39 pm
Unidentified dead body

বিশ্বনাথ জিলাৰ পলকটা চাপৰিৰ দক্ষিণ দিশে অৱস্থিত অৰুণবালি চাপৰিৰ বালিত আজি প্ৰায় ৪৫ বছৰীয়া এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটোক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

প্ৰাপ্ত তথ্য মতে স্থানীয় কেইগৰাকীমান লোকে অৰুণবালি চাপৰিত উবুৰি খাই থকা অৱস্থাত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰাত বন বিভাগে বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনীৰ সৈতে যোগাযোগ স্থাপন কৰি মৃতদেহটো উদ্ধাৰৰ ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু মৃতদেহটোৰ প্ৰায় ৭০ শতাংশ গলি যোৱাৰ কাৰণে ইয়াক উদ্ধাৰ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। অৱশ্যে পিছত কেইবা ঘণ্টা ধৰি চেষ্টা চলাই বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনী আৰু নৰ্দান ৰেঞ্জৰ দলে অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ৰঙা ৰঙৰ হাফ চাৰ্ট পৰিহিত অচিনাক্ত মৃতদেহটোৰ পৰা এডাল চেইন উদ্ধাৰ কৰা হয়। আনহাতে ঘটনা সম্পৰ্কত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও নিশা হৈ যোৱাৰ ফলত কাইলৈ পুৱাৰ ভাগতহে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটোৰ মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি বিশ্বনাথ ঘাট নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে |