NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত দিনদুপৰতে ক’ল ইণ্ডিয়াৰ চিকিৎসকৰ কোৱাৰ্টাৰত চোৰৰ অভিযান

Posted by: মানস প্ৰতিম গগৈ October 3, 2018 6:35 pm
চুৰিকাণ্ড

আজি দিনদুপৰতে মাৰ্ঘেৰিটাত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটাৰ কল্যাণপুৰত থকা ক’ল ইণ্ডিয়াৰ ১০৩ কোৱাৰ্টাৰত এই চুৰিকাণ্ড সংঘটিত হয়।

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত থকা উক্ত কোৱাৰ্টাৰটো হৈছে মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ চিকিৎসক ডাঃ মানৱ ব্ৰত গগৈৰ।

দিনৰ ভাগত কোৱাৰ্টাৰটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এই কাণ্ড সংঘটিত কৰে। প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ বজাত ডাঃ গগৈৰ গৃহত কাম কৰা মহিলাগৰাকী উপস্থিত হৈ প্ৰথমে এই চুৰি কাণ্ডৰ বিষয়ে চিকিৎসক দম্পতীক খবৰ দিয়াত ঘটনাটো পোহৰলৈ আহে।

ডাঃ গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কোৱাৰ্টাৰৰ খিৰিকী আৰু দুৱাৰ ভাঙি প্ৰৱেশ কৰা চোৰে তেওঁলোকৰ শুৱনি কোঠাত থকা গডৰেজৰ পৰা মূল্যবান সোণৰ অলংকাৰ, এটা দামী মোবাইল হেণ্ডেচেট আৰু এটা ডি এছ লাৰ কেমেৰাসহ নগদ ২০ হাজাৰ টকাকে ধৰি প্ৰায় ২ লাখ টকাৰ সম্পত্তি লুটি নিয়ে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ক’ল ইণ্ডিয়াৰ অধীনত থকা এই কোৱাৰ্টাৰ সমূহৰ নিৰাপত্তাৰ দায়িত্ব ক’ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীৰ যদিও পৰ্য্যাপ্ত সুৰক্ষা কৰ্মী নথকাৰ বাবেই এনে চুৰিকাণ্ড সংঘটিত হ’ল বুলি স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে।