NORTHEAST NOW (Assamese)
অসম

এপোলো হস্পিটেলৰ  অস্থিৰোগ বিশেষজ্ঞই অনুষ্ঠিত কৰিব সংবাদ মাধ্যম অপিডি ক্লিনিক

Posted by: এন ই নাও নিউজ October 3, 2018 6:28 pm
orthopedic-banner-image

এপোলো হস্পিটেলৰ দুগৰাকী অভিজ্ঞ অস্থিৰোগ চিকিৎসকে গুৱাহাটী প্ৰেছ ক্লাবত এই সপ্তাহৰ সংবাদ মাধ্যম অপিডি ক্লিনিক অনুষ্ঠিত কৰিব।  অহা শনিবাৰে আবেলি ৪-৩০ৰ পৰা ৬-৩০ বজালৈকে চেন্নাইৰ এপোলো হস্পিটেলৰ চিকিৎসকদ্বয় ড০ নাৱালাডি শংকৰ আৰু ড০ ৰাম বাথিয়ে সংবাদিকসকলক বিনামূলীয়াকৈ চিকিৎসা পৰামৰ্শ পৰামৰ্শ প্ৰদান কৰিব।

উল্লেখ্য যে প্ৰেছ ক্লাবৰ সদস্যসকল আৰু তেওঁলোকৰ সম্পৰ্কীয়সকলক চিকিৎসা কৰাৰ বাবে ‘চিকিৎসকৰ সৈতে আবেলি’ শীৰ্ষক এটা কাৰ্যসূচীৰ শৃংখলাৰ  আয়োজন কৰা হৈছে। এই কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে ডাউন টাউন  হস্পিটেলছ, জিএনআৰচি হস্পিটেলছ, দিচপুৰ হস্পিটেল, আয়ুৰ্সুন্দ্ৰা হস্পিটেল, এক্সেলকেয়াৰ হস্পিটেল, উইনট্ৰব হস্পিটেল, হেল্থ চিটি হস্পিটেল, নাৰায়ণা হস্পিটেল, স্বাগত হস্পিটেল, বৰঠাকুৰ ক্লিনিক ইত্যাদিয়ে।

উল্লেখ্য যে প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰকাশিত এটা বিবৃতিত কোৱা হৈছে যে বৰ্তমান গুৱাহাটীত থকা সাংবাদিকসকলেও তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে এই চিকিৎসা শিবিৰত চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই চিকিৎসা শিবিৰ সম্পূৰ্ণ বিনামূলীয়া।