NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ পৃষ্ঠপোষকতাত নাটকলৈ ৰূপান্তৰ হৈছে এপিএছচিৰ কেলেংকাৰিৰ তদন্ত আৰু গোচৰৰ ফলাফল : সংবাদমেলত ডি ৱাই এফ আই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 5, 2024 3:15 pm

যিমানেই সময় আগবাঢ়িছে, সিমানেই যেন ৰাজ্য কঁপোৱা এপিএছচি কেলেংকাৰিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সদিচ্ছাৰ অভাৱ স্পষ্ট হ’বলৈ আৰম্ভ হৈছে। আনকি ১৯ মাহ ধৰি ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্রতিবেদন ধোঁৱাচাঙত তুলি অৱশেষত ন্যায়ালয়ৰ হেঁচাত আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিও শ্ৰেণীবিভাজনৰ জড়িয়তে এচাম বক্ৰ পথেৰে বাচনিভূক্ত বিষয়াক চৰকাৰে সুৰক্ষা দি আহিছে। 

ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা প্রায় ১০জন মান বিষয়াক এতিয়াও নিলম্বন পৰ্যন্ত কৰা নাই। তদুপৰি ৰাজনৈতিক হেঁচাতেই যেন সুৰজিত সিং পাণেচাৰৰ দৰে এতিয়া এছ আই টিৰ তদন্তও লেহেমীয়া হৈ পৰিছে নাইবা কাম-কাজৰ গাফিলতি ধৰা পৰিছে।

তদুপৰি, এপিএছচি কেলেংকাৰিৰ মূল খলনায়ক ৰাকেশ কুমাৰ পালৰ মুখ্য সহায়ক নন্দ বাবু সিনহাই জামিন লাভ কৰা বিষয়টোয়ে এক প্ৰকাৰে প্রমাণ কৰি দিছে যে এছ আই টিয়ে এই ৰাজ্য কঁপাই যোৱা কেলেংকাৰিৰ তদন্ত কিমান গুৰুত্ব সহকাৰে কৰিছে। পৰীক্ষাৰ প্রায় ৪৫,০০০ উত্তৰ বহী জ্বলাই দিয়া নন্দ বাবু সিনহা এই কেলেংকাৰিত সম্পূৰ্ণভাৱে জড়িত থকাৰ পিছতো কিন্তু এছ আই টিয়ে যি ধৰণে উপযুক্ত তথ্য-প্রমাণ ন্যায়ালয়ত দিব লাগিছিল, সেই ধৰণে দিয়াত ব্যৰ্থ হ’ল আৰু যাৰ বাবেই নন্দ বাবু সিনহাই মাত্ৰ তিনি সপ্তাহতেই জামিন পালে।

লক্ষণীয় কথা যে, ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ দ্বাৰা দোষী প্রমাণিত ৩৪জন বিষয়াক সোধা-পোচা কৰোঁতেই এছ আই টিয়ে ৪মাহ সময় পাৰ কৰিলে। গুৰুত্বপূৰ্ণ কথা এইয়ে যে মুন্না প্ৰসাদ গুপ্তাৰ দৰে এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (চি আই ডি), প্রতীক থুবেৰ দৰে আই পি এছ বিষয়াৰ উপৰি কেইবাজনো পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰে গঠিত এক বিশাল দল হৈছে এছ আই টিৰ ৷ তথাপিও যোৱা ৩০ ছেপ্তেম্বৰ ২০২৩ত গঠিত হোৱা এই এছ আই টিখনে দুই তিনিদিনৰ মূৰত ২-৩জনকৈ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াক চমন  দি মাতি সোধ পোচ কৰি ৪ মাহ সময় পাৰ কৰিছে।।আনহাতে কিন্তু পূৰ্বৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেশ্বৰে একেলগে ২০-৩০জনক অভিযুক্তক চমন দি মাতি গ্ৰেপ্তাৰ কৰিছিল আৰু সেইসকলে এইদৰে দুই তিনিসপ্তাহতেই জামিনো লাভ কৰা নাছিল। 

তদুপৰি, আজিলৈ এই এছ আই টিখনে নিজাববীয়াকৈ একো তথ্য বা অন্য এজনো সন্দেহজনক ব্যক্তি বা প্রাৰ্থীক গ্ৰেপ্তাৰ বা আনকি সোধপোচ কৰিবলৈও সমৰ্থ হোৱা নাই।