NORTHEAST NOW (Assamese)
অসম

কামপুৰ মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি; মুখ্য মন্ত্ৰীৰ তদন্তকাৰী শাখাৰ অভিযান

Posted by: মিণ্টু দাস October 4, 2018 7:00 am
Kampur College

নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান কামপুৰ মহাবিদ্যালয়ত বৰ্তমান ব্যাপক দুৰ্নীতিয়ে গ্ৰাস কৰিছে। ইউ জি চি য়ে ব্লে’ক লিষ্টটেড কৰা মহাবিদ্যালয়খনৰ আন্তঃগাঠনিকে ধৰি বিভিন্ন উন্নয়নমূলক কামত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

যাৰ বাবে স্থানীয় সচেতন লোকে দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয়খনত মুখ্য মন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানি বিভাগে অভিযান চলায়। মহাবিদ্যালয়ৰ অৱস্থাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হৰেকৃষ্ণ দেৱশৰ্মাই কয়, ‘আই চি ইউত অক্সিজেন লৈ চলি আছে বৰ্তমান কামপুৰ মহাবিদ্যালয়। যি কোনো সময়ত বন্ধ হ’ব পাৰে। ইউ জি চি য়ে ব্লে’ক লিষ্টটেড কৰিলে মহাবিদ্যালয়খনক৷’

বিগত সময়ছোৱাত অধ্যক্ষ হিচাপে থকা হীৰেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা সমিতিৰ লগত মিলি মহাবিদ্যালয়খনৰ বিভিন্ন শিতানৰ উন্নয়নমূলক কামৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি স্থানীয় লোকে এখন সভা অনুষ্ঠিত কৰি দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে উক্ত অভিযান চলোৱা হয়।

১ কোটি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিল্ডিঙটো নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ লগতে, পুথিভঁৰালৰ কিতাপ কিনাৰ নামটো ভূৱা বিল দেখুৱাই ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান বিল্ডিঙটোৰ পকী বেৰত বৃহৎ বৃহৎ ফাঁ‌ট মেলিছে। আনকি খোৱা পানীৰো সমস্যা মহাবিদ্যালয়খনত ৷

স্থানীয় সচেতন লোকৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মুখ্য মন্ত্ৰী তদন্তকাৰী শাখাক উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনায়।