NORTHEAST NOW (Assamese)
অসম

এছিয়া যোগক্ৰীড়াত নগাঁৱৰ পঞ্চী বৰাৰ স্বৰ্ণজয়

Posted by: মিণ্টু দাস October 4, 2018 7:36 am
9fb16658-6fa2-419a-a7e8-00aff45b8255

বিশ্বৰ যোগক্ৰীড়াৰ ক্ষেত্ৰত পুনৰ জিলিকি উঠিল অসমৰ কিশোৰী-যুৱতী। কেৰেলাত অনুষ্ঠিত হোৱা অষ্টম এছিয়া যোগক্ৰীড়া প্ৰতিযোগিতাত আৰ্টিষ্টিক ছ’ল’ বিভাগত স্বৰ্ণ জয় কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ পুৰণিগুদামৰ পঞ্চী বৰাই ।

১৭ বছৰ অনুর্ধ্বৰ যোগক্ৰীড়া প্ৰতিযোগিতাত পঞ্চী বৰাই সোণৰ পদক অৰ্জন কৰাত পুৰণিগুদামবাসী উৎফুল্লিত হৈ পৰিছে। যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত এছিয়াৰ বহু সংখ্যক আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিছিল।

2f3ae51a-308c-46fb-98b9-a2ca563b4b76
ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চী বৰাৰ উপৰি এই প্ৰতিযোগিতাত নগাঁৱৰ উদীতাৰাণী বৰাই ৭ ৰ পৰা ১১ বছৰ বয়সৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক, ১২ ৰ পৰা ১৪ বছৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত তেজপুৰৰ হৰ্ষিতা গোস্বামীয়ে ৰূপৰ পদক আৰু ১২ ৰ পৰা ১৪ বছৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত শিৱসাগৰৰ আস্থা বৰাই তামৰ পদক অৰ্জনৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, ২০১৬ বৰ্ষত ভিয়েটনামত অনুষ্ঠিত ষষ্ঠ এছিয়ান যোগক্ৰীড়া প্ৰতিযোগিতাতো পঞ্চী বৰাই দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এইদৰে আৰ্ন্তজাতিক ক্ষেত্ৰত অসমৰ যোগক্ৰীড়া খেলুৱৈয়ে ধাৰাবাহিকভাৱে সফলতা লাভ কৰাতো স্বাভাৱিকতে অসমৰ বাবে আনন্দ তথা গৌৰৱৰ বিষয়।