NORTHEAST NOW (Assamese)
অসম

নলাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ নগাঁও চহৰত চাঞ্চল্য; আৰক্ষীৰ তদন্ত অব্যাহত

Posted by: মিণ্টু দাস October 4, 2018 8:00 am
proxy.duckduckgo.com_-750x375

নগাঁও চহৰৰ ডচন স্কুলৰ সন্মুখৰ নলাত নিশা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানৰ সময়ত যুৱকজনক স্কুলৰ সন্মুখৰ নলাত পৰি থকা অৱস্থাত দেখা পায়। আৰক্ষীৰ দলটোৱে লগে লগে যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মন কৰিবলগীয়া যে মৃত যুৱকজনৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে। আঘাতৰ চিনলৈ চাই যুৱকজনক কোনো লোকে মাৰধৰ কৰি নলাত পেলাই থৈ যায় বুলি ৰাইজ তথা আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে আৰক্ষীয়ে যুৱকজনৰ মৃত্যু সন্দৰ্ভত একো ক’ব বিছৰা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে মৃত যুৱকজন নগাঁও চহৰৰ আৰ কে পথৰ নিবাসী অজয় বাচফৰ(২০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।