NORTHEAST NOW (Assamese)
অসম

ডিগবৈত আৰম্ভ ৩১ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ October 5, 2018 9:54 am
grand-haven-volleyball-invitational048-9e2ef134bc63f80f

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৩১ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগিতা। অসম ভলীবল সন্থাৰ তত্ত্বাৱধানত আৰু ডিগবৈ এ অ’ চি লেবাৰ য়ুনিয়নৰ সৌজন্যত ডিগবৈ জুবিলী খেলপথাৰত অনুষ্ঠিত এই দিবা-নৈশ প্ৰতিযোগিতাখনত অসমৰ প্ৰায়বোৰ জিলা আৰু মহকুমাৰ পৰা সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসম ভলীবল সন্থা, তিনিচুকীয়া জিলা ভলীবল সন্থা আৰু এ অ’ চি লেবাৰ য়ুনিয়নৰ পতাকা উত্তোলন কৰে ক্ৰমে অসম ভলীবল সন্থাৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, তিনিচুকীয়া জিলা ভলীবল সন্থাৰ সভাপতি অচ্যুৎ বৰঠাকুৰ আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি জিণ্টু শইকীয়াই।

আনহাতে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ মহাপ্ৰবন্ধক হৃতজিৎ ভট্টাচাৰ্যই প্ৰতিযোগিতাখন উদ্বোধন কৰে। লীগ পদ্ধতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই ল’ৰাৰ শাখাত বৰপেটাই বঙাইগাঁৱক ৩-০, দক্ষিণ কামৰূপে বজালীক ৩-১, গোৱালপাৰাই তেজপুৰক ৩-১, লখিমপুৰে গুৱাহাটীক ৩-১, তিনিচুকীয়াই নলবাৰীক ৩-০ আৰু গোলাঘাটে তিতাবৰক ৩-১ গ’লত পৰাস্ত কৰে।

উল্লেখযোগ্য যে বয়স ফাঁকি দি প্ৰতিযোগিতাত অংশ ল’বলৈ যোৱা বঙাইগাঁৱৰ ছোৱালী দলটোক বয়সৰ বিসংগতিৰ বাবে প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰে বুলি ভলীবল সন্থাই জানিবলৈ দিয়ে।