NORTHEAST NOW (Assamese)
অসম

মানৱ দৰদী চিকিৎসক, সু-সাহিত্যিক ডাঃ সুশীল কুমাৰ ওজাৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ October 5, 2018 11:07 am
43131647_966240456909489_7201090190226489344_n

বৰপেটাৰ এগৰাকী মানৱদৰদী  চিকিৎসক কবি, গীতিকাৰ, সাপ্তাহিক বৰপীঠ কাকতৰ প্ৰাক্তন সম্পাদক ডাঃ সুশীল কুমাৰ ওজাৰ বৃহস্পতিবাৰে পৰলোকপ্রাপ্তি ঘটে। তেওঁৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰে।

যোৱা ১৭ ছেপ্টেম্বৰত নিজৰ ব্যক্তিগত চিকিৎসা কেন্দ্ৰ প্ৰাগজ্যোতিকাত ৰোগীৰ চিকিৎসাত ব্যস্ত থকাৰ সময়তে মগজুৰ ৰক্তক্ষৰণ হৈ ডাঃ ওজা ঢলি পৰে। তেওঁৰ পৰিয়ালৰ লোকে লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলে লৈ যায়।

২২ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় ৰহমান হাস্পাতলত তেওঁৰ মগজুৰ অস্ত্রোপচাৰ সম্পন্ন হয়। সেইদিন ধৰি তেওঁ চিকিৎসালয়খনতে কমা অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে দুপৰীয়া প্রায় ১২ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত ডাঃ ওজাৰ বয়স আছিল ৬০ বছৰ।

বৰপেটা চহৰৰ দহাটীৰ প্রয়াত দেৱেন্দ্ৰ নাথ দাস আৰু প্রমদা বালা দাসৰ পঞ্চম পুত্র সুশীল কুমাৰ ওজাই ১৯৮৩ চনত  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এম বি বি এছ ডিগ্রী লাভ কৰে। তেওঁ গৃহ চহৰ বৰপেটালৈ আহি চৰকাৰী চাকৰিৰ পৰিৱর্তে বৰপেটাত ব্যক্তিগত চিকিৎসা সেৱাৰ লগতে সামাজিক কাম কাজতো জড়িত হৈ পৰে।

বৰপেটা চহৰৰ কমলাকান্ত পথত প্রাগজ্যোতিকা নামৰ এখন ব্যক্তিগত চিকিৎসা কেন্দ্র প্রতিষ্ঠা কৰি তাতেই তেওঁ চিকিৎসা সেৱা আগবঢ়াইছিল।

চিকিৎসা সেৱাৰ ব্যস্তাতৰ মাজতে ডাঃ ওজাই তেওঁৰ সাহিত্য-সাংস্কৃতিক জগতৰ প্ৰতি থকা আৰ্কষণৰ বাবে এই বিষয়ত জড়িত হৈ পৰিছিল। এগৰাকী কবি, গীতিকাৰ হিচাপে পৰিচিত ডাঃ সুশীল কুমাৰ ওজা সাপ্তাহিক বৰপীঠ কাকতৰ সম্পাদকো আছিল। ১৯৮৯ চনত বৰপেটাৰ পৰা তেওঁ গণ কবিতা নামৰ এখন কবিতা আলোচনী প্ৰকাশ কৰি উলিয়াইছিল।

বৰপেটাৰ এগৰাকী সৰবৰহী চিকিৎসক তথা সাংস্কৃতিক চেতনাসম্পন্ন সংবেদনশীল ব্যক্তি ডাঃ ওজাৰ নশ্বৰ দেহত বৃহস্পতিবাৰে বৰপেটাত বিপুল সংখ্যক গুণমুগ্ধই  শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।