NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠীৰ দিচপুৰ চল’ : শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া October 5, 2018 2:20 pm
fd1e59ca-eb3a-429f-ac54-479b6b6600d7

আজি প্ৰশাসনৰ অনুমতি নথকা স্বত্বেও কলিতা জনগোষ্ঠী সন্মিলনে ৰূপায়ণ কৰিছিল দিচপুৰ চ’ল কাৰ্য্যসূচী। কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ লগতে অন্যান্য বহুকেইটা দাবীত এই দিচপুৰ চল’ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল।

খানাপাৰা গণেশ মন্দিৰ ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা প্ৰতিবাদকাৰীসকলে দিচপুৰ চল’ কাৰ্য্যসূচী আৰম্ভ কৰিব বিচাৰিছিল। কিন্তু আৰক্ষী প্ৰশাসনে বাধা দিয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি বশিষ্ঠ থানালৈ লৈ যায়। কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতা, সাধাৰণ সম্পাদক দেব কুমাৰ ডেকাকে ধৰি শ-শ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, গ্ৰেপ্তাৰৰ সময়ত সভাপতি ড০ সোণেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিকভাবে তেওঁলোকে দিচপুৰ চল’ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল যদিও তেওঁলোকক অতি বৰ্বৰভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ড০ কলিতাই লগতে হুংকাৰ দি কয় যে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব।

জনজাতিকৰণকে  ধৰি কলিতা জনগোষ্ঠীৰ অন্য দাবীসমূহ হ’ল ক্ৰমে চৰকাৰে আশ্বাস দিয়া ভগদত্ত প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীত ১০ বিঘা মাটি তথা ২০১৮ বৰ্ষৰ বাজেটত ধৰা ৫ কোটি টকা অতি শীঘ্ৰে প্ৰদান কৰা, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংৰ নাম মনিৰাম দেৱানৰ নামত নামাকৰণ কৰা, আৰ্থ সামাজিক পিয়লৰ ব্যৱস্থা কৰা ইত্যাদি।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে  প্ৰতিবাদকাৰী সকলে “অসম চৰকাৰ হায় হায়”, কলিতা মন্ত্ৰী বিধায়ক গ’ বেক”,” জনজাতিকৰণ লাগিবই” No ST No rest”, অসম পুলিচৰ গুণ্ডাগিৰি নচলিব, ইত্যাদি ধ্বনিৰে গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।