NORTHEAST NOW (Assamese)
অসম

চেন্নাইৰ এপল’ৰ চিকিৎসকে সেৱা আগবঢ়ালে গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত

Posted by: এন ই নাও নিউজ October 6, 2018 7:38 pm

চেন্নাইৰ এপল’ চিকিৎসালয়ৰ অস্থিৰোগ বিশেষজ্ঞই শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়ায়।

চিকিৎসালয়খনৰ হৈ অস্থি বিশেষজ্ঞ ডাঃ ৰাম বাথিয়ে শিবিৰটোত বিনামূলীয়াকৈ সেৱা আগবঢ়ায়।

লগতে পঢ়ক– চেন্নাই এপল’ৰ চিকিৎসকে বিনামূলীয়া সেৱা আগবঢ়াব গুৱাহাটী প্ৰে’ছ ক্লাবত

শিবিৰটোত উপস্থিত সাংবাদিক আৰু সাংবাদিক পৰিয়ালৰ লোকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰায়।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।