NORTHEAST NOW (Assamese)
অসম

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 7:49 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত ৰাজ কুন্দ্ৰাক সোধা-পোছাৰ বাবে চমন কৰিছিল। এই জেৰাৰ সময়ত শিল্পাৰ স্বামীয়ে দাবী কৰে যে বিতৰ্কিত ধনৰ এটা অংশ অভিনেত্ৰী বিপাশা বসু আৰু নেহা ধুপিয়াক পাৰিশ্ৰমিক হিচাপে দিয়া হৈছে।

ইতিমধ্যে প্ৰায় ২৫ কোটি টকাৰ প্ৰত্যক্ষ লেনদেনৰ প্ৰমাণ তদন্তকাৰীয়ে লাভ কৰিছে, যিটো এতিয়া তদন্তৰ মূল কেন্দ্ৰবিন্দু।

ই অ’ ডব্লিউৰ সূত্ৰ অনুসৰি তদন্তত প্ৰায় ২৫ কোটি টকাৰ প্ৰত্যক্ষ ট্ৰেন্সফাৰ পোৱা গৈছে, যিটো শিল্পা শ্বেট্টী, বিপাশা বসু, নেহা ধুপিয়া আৰু বালাজী এণ্টাৰটেইনমেণ্টৰ সৈতে জড়িত একাধিক একাউণ্টলৈ গৈছিল। এই ধনৰ উৎস আৰু ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে – ই কেৱল পাৰিশ্ৰমিক নেকি, নে ইয়াৰ আঁৰত আৰু কিবা আছে?

সূত্ৰটোৱে এনডিটিভিৰ আগত দাবী কৰি কয় যে, ‘আমি জানিব বিচাৰো যে ধন কেনেকৈ বিতৰণ কৰা হ’ল। অতি সোনকালে তেওঁলোকলৈ এখন পত্ৰ প্ৰেৰণ কৰা হ’ব।’ তদন্তকাৰীয়ে বিশ্বাস কৰে যে বেষ্ট ডিল টিভি প্ৰাইভেট লিমিটেডে ব্ৰেণ্ডটোৰ প্ৰচাৰৰ বাবে কেইবাজনো চেলিব্ৰিটিক ধন দিছিল যদিও সেই ধন দিয়াৰ পদ্ধতি আৰু উদ্দেশ্য এতিয়া তদন্তৰ অধীনত আছে।

সূত্ৰসমূহে লগতে কয় যে কোম্পানীটোৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিটো লেনদেনৰ ওপৰত চকু ৰখা হৈছে – ভুৱা চালান আছিল নেকি, অতিৰিক্ত ধন পৰিশোধ কৰা হৈছিল নেকি, বা শ্বেল একাউণ্টৰ জৰিয়তে ধন ট্ৰেন্সফাৰ কৰা হৈছিল নেকি।

ইতিমধ্যে ই অ’ ডব্লিউৱে ৰাজ কুন্দ্ৰাৰ বক্তব্য ৰেকৰ্ড কৰিছে। আৰক্ষীয়ে কয়, ‘অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ তদন্ত চলি আছে।’ তদন্তকাৰীয়ে এতিয়া শিল্পাৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে, কেৱল ব্ৰেণ্ড এম্বেছাদৰ আছিল নে কোম্পানীৰ বিত্তীয় সিদ্ধান্তত তেওঁৰ সক্ৰিয় ভূমিকা আছিল?

বেষ্ট ডিলৰ বাবে নিৰ্মিত ভিডিঅ’সমূহ জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ কুন্দ্ৰাক। যদিও তেওঁ দাবী কৰে যে ভিডিঅ’সমূহ ইতিমধ্যে প্ৰপাৰ্টি চেলত জমা দিয়া হৈছে,  ভিডিঅ’টোৰ বিষয়বস্তু, নিৰ্মাণ খৰচ আৰু ইয়াৰ বিৰুদ্ধে কৰা ধনৰ সত্যাসত্য নিৰূপণ কৰিবলৈ বিষয়াসকলে সেইবোৰ পুনৰ জিম্মাত লোৱাৰ পৰিকল্পনা কৰিছে।