NORTHEAST NOW (Assamese)
অসম

মোদী চৰকাৰ গৰিবৰ বাবে নহয় কেৱল পুজিপতিৰ বাবেহে : সমাজকৰ্মী দায়ামনি বাৰলা

Posted by: ৰিনয় বসুমতাৰী October 7, 2018 7:56 pm
IMG-20181007-WA0004

অসমৰ আদিবাসী জনগোষ্ঠীয়ে নিজৰ তেজ আৰু শ্ৰমেৰে বৃহত্তৰ অসমীয়া সমাজ গঢ়াত অৱদান দি অহাৰ পিছতো চৰকাৰে আদিবাসী জনগোষ্ঠীক মানৱ অধিকাৰৰ প্ৰদত্ত সা-সুবিধাৰ পৰা বঞ্চিত কৰি মানুহ হিচাবে জীয়াই থকাৰ অধিকাৰ নোহোৱা কৰিছে। এই গুৰুতৰ অভিযোগ সুদুৰ ঝাৰখণ্ডৰ পৰা অহা জনজাতি সকলৰ লৌহ মহিলা হিচাবে খ্যাত তথা সমাজসেৱিকা দায়ামনি বাৰলাৰ।

উল্লেখ্য যে যোৱা ৫ অক্টোবৰৰ পৰা কোকৰাঝাৰ চহৰৰ মাগুৰমাৰী হাইস্কুল খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা আদিবাসী মহিলা মহাসভাৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ আজি সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকা দায়ামনি বাৰলাই উক্ত অভিযোগ উত্থাপন কৰাৰ লগতে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানতো চৰকাৰে গুৰুত্ব নিদি জনগোষ্ঠীটোক চৰমভাৱে অৱহেলা কৰাৰো আক্ষেপ ব্যক্ত কৰে।

তেওঁ লগতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে আদিবাসী সকলক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰাই নহয় চাহবাগান সমূহত চৰকাৰৰ কোনো আঁচনি তথা উন্নয়নে ঢুকি নোপোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সৱকা সাথ সৱকা বিকাশৰ শ্লোগান দিয়া বিজেপি চৰকাৰখন গৰিব তথা শ্ৰমিকৰ চৰকাৰ নহয়, এইখন পুঁজিপতি তথা বনিক গোষ্ঠীক ৰঙা দলিচা পাতি দিয়াহে চৰকাৰ বুলি ঘোৰ সমালোচনা কৰে দায়ামনি বাৰলায়।

উল্লেখ্য যে ,আজি সামৰণি অনুষ্ঠানৰ মুকলি সভাখন পৰিচালনা কৰে সদৌ অসম আদিবাসী মহিলা সন্থা চমুকৈ আৱাৰ সভানেত্ৰী নেলানী তিৰুয়ে৷ সভাত সভানেত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ নুন্যতম হাজিৰা শীঘ্ৰে দৈনিক ভাট্টা ৩৫০ টকালৈ বৃদ্ধিৰ দাবী তোলে।

IMG-20181007-WA0009
ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে আজিৰ সামৰণি মহাসভাৰ উমৈহতীয়া প্ৰস্তাৱ যোগে আদিবাসী মহিলা সকলক একত্ৰিত কৰা আৰু আদিবাসী সমাজত শৈক্ষিক,অৰ্থনৈতিক,সামাজিক-সাংস্কৃতিক দিশত সজাগতা আনি মহাসভাৰ যোগেদি আদিবাসী সকলক আগবঢ়াই নিবলৈ সাংবিধানিক অধিকাৰৰ হকে শৈক্ষিক ,স্বাস্থ্য আৰু ভূমিৰ অধিকাৰ ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ন প্ৰস্তাৱ গৃহীত কৰে৷

মন কৰিবলগীয়া যে ৰাজ্যৰ ১২ খন জিলাৰ কেইবা সহস্ৰাধিক মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা কোকৰাঝাৰ চহৰত আদিবাসী মহিলা মহাসভাই আদিবাসীসকলৰ কলা-সংস্কৃতি আৰু পৰম্পৰাগত নৃত্য-বাদ্যযন্ত্ৰৰে এক বিশাল শোভাযাত্ৰা উলিয়ায়৷

ইয়াৰ পিছতে সামৰণি উপলক্ষে আয়োজিত এক মুকলি সভাত আৱাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী বেৰনিকা তিৰ্কী, খাড়ীয়া সাহিত্য সভাৰ সভানেত্ৰী ছালমি ইন্দোয়াৰ, আৱাৰ কেন্দ্ৰীয় উপদেষ্টা আঞ্জেলা তিৰ্কী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্ম, কোচ ৰাজবংশী মহিলা সমিতিৰ সম্পাদিকা মালতি ৰায়, সান্তালি মহিলা সমিতিৰ সম্পাদিকা সুকুন্তলা হেমব্ৰম, নাথযোগী মহিলা সমিতিৰ নেত্ৰী সুষমা নাথ, অখিল হিন্দীভাষী বিকাশ পৰিষদৰ উপদেষ্টা শংকৰ শ্বাহ আৰু আছাৰ সভাপতি ষ্টিফেন লাক্ৰাকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।