NORTHEAST NOW (Assamese)
অসম

ইউনিভাৰ্চেল নৃত্যাভিলেখ : দহ হাজাৰ নৃত্য পতিয়সীৰ দ্বাৰা কৃষকলৈ শ্ৰদ্ধাঞ্জলী

Posted by: কল্পজ্যোতি শইকীয়া December 29, 2017 9:01 pm

উদিয়েৰৰ উদ্যোগত বিশ্বৰ এচিয়া, আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তত অহা ৩১ নবেম্বৰ তাৰিখে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসেৰে ১০,০০০ জন নৃত্য পতিয়সীৰ দ্বাৰা একে সময়তে তথা একে সাজ-সজ্জা আৰু ভঙ্গীমাৰে নৃত্য পৰিবেশন কৰা হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ জৰিয়তে উদিয়েৰৰ অসমৰ সমন্বয়ক নন্দিতা তালুকদাৰে এই কথা  জানিবলৈ দিয়ে।  আনহাতে এই নৃত্য পৰিবেশনৰ জৰিয়তে বিশ্বৰ কৃষক সকললৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ প্ৰয়াস কৰা হৈছে বুলি সমন্বয়কগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। এক তথ্য অনুসৰি ভাৰতৰ তামিল নাডু, মহাৰাষ্ট্ৰ, গুজৰাট, অসম আৰু পশ্চিমবংগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। অসমত এই অভিলেখ সৃষ্টিকাৰী অনুষ্ঠান বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব  বুলি উদ্যোক্তা সকলে সদৰী কৰে। এই অনুষ্ঠানৰ কাৰ্য্যসূচী বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু প্ৰথমতে থলুৱা গীতৰ আধাৰত নৃত্য কৰা হ’ব। ইয়াৰ পিছতে ৪ বজাৰ পৰা ১২ মিনিটৰ এটা গীতৰ আধাৰত নৃত্য পৰিবেশন হ’ব বুলি সংবাদ মেল যোগে সমন্ব.ক গৰাকীয়ে অবগত কৰে।   আনহাতে বিশ্ব অভিলেখ সৃষ্টিকাৰী এই অনুষ্ঠানত যোগদান কৰিবলৈ ইচ্ছুক সকলৰ পঞ্জীয়ণ মাচুল ৫০০ টকা হোৱা কথাটোৱে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে।