NORTHEAST NOW (Assamese)
অসম

চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাক ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি!

Posted by: অনিৰ্বাণ পাঠক October 8, 2018 9:36 pm
Bhaskar Kalita

যোৱা ৪ মে’ত তিনিচুকীয়া জিলাৰ বৰডুমচাত আলফা (স্বাঃ)ৰ সৈতে সংঘৰ্ষত নিহত সাহসী আৰক্ষী বিষয়া চহিদ ভাস্কৰ কলিতাক বদলি কৰিলে নেকি অসম আৰক্ষীয়ে?

এই প্ৰশ্ন উঠিছে এইবাবেই যে ডিজিটেল ইণ্ডিয়াৰ স্মাৰ্ট পুলিচৰ ৱেবছাইটত এই বীৰ চহিদ বিষয়াজনৰ নাম যোৱা মাহৰ মাজভাগলৈকে অসম আৰক্ষীৰ ৱেবছাইটত পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল।

মৃত্যুৰ কেইবা মাহৰ পিছতো প্ৰয়াত আৰক্ষী বিষয়াজনৰ নাম ৱেবছাইটত পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে থকাটোৰ বিষয়ে নৰ্থ-ইষ্ট নাওত যোৱা ১৭ ছেপ্তেম্বৰত সবিস্তাৰ বাতৰি প্ৰকাশ হৈছিল। (তলৰ লিংকটো ক্লিক কৰি পূৰ্বৰ বাতৰিটো চাওক)  https://assam.nenow.in/late-si-and-i-c-of-bordumsa-ps-bhaskar-kalitas-name-and-contact-no-still-displayed-in-assam-police-website/

বৰ্তমানৰ ৱেবছাইটত ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে চহিদ ভাস্কৰ কলিতাৰ নাম।

কেৱল ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নাম থকাই নহয়, যোগাযোগ নম্বৰো ভাস্কৰ কলিতাৰে দিয়া আছিল ১৭ ছেপ্তেম্বৰ পৰ্য্যন্ত। কিন্তু নৰ্থ-ইষ্ট নাওত এই বিষয়ে বাতৰি ওলোৱাৰ পিছতে ৱেবছাইটত পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ভাস্কৰ কলিতাৰ নাম আঁতৰাই দিয়ে।

কিন্তু হাস্যকৰ কথাটো হ’ল এইবাৰ ভাস্কৰ কলিতাক ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে উল্লেখ কৰা হয়। অৰ্থাৎ অসম আৰক্ষীয়ে চহিদ বিষয়াজনক পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি কৰে। আনহে নালাগে, ভাস্কৰ কলিতাৰ নম্বৰটো যোগাযোগ নম্বৰ হিচাপেও দিয়া হৈছে। অৰ্থাৎ ফিল’বাৰী থানাৰ সৈতে যোগাযোগ কৰিবলৈ স্বৰ্গগত চহিদ ভাস্কৰ কলিতাৰ সৈতে কথা পাতিবলৈ কোৱা হৈছে?

অসম আৰক্ষীৰ ৱেবছাইট http://assampolice.gov.in খুঁচৰি চালেই এই সকলোখিনি তথ্য পোৱা যায়। ৱেবছাইটটোৰ তিনিচুকীয়া জিলাৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ নামৰ তালিকাখনত দহ নম্বৰ স্থানত আছে ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চহিদ ভাস্কৰ কলিতাৰ নাম।

কিছুদিন পূৰ্ব একেটা ৱেবছাইটৰ এই তালিকাখনত ১৬ নম্বৰ স্থানত থকা জিলাখনৰ পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল তেওঁ। কিন্তু আমি জানিব পৰা মতে সংঘৰ্ষত মৃত্যু হোৱাৰো কেইবাবছৰৰো পূৰ্বেই তেওঁ তাৰ পৰা বদলি হৈছিল। অথচ ইমান বছৰে ৱেবছাইট আপডেইট হোৱা নাছিল বা তথ্যবোৰ শুদ্ধকৈ নাছিল।

Police_Website Past
এমাহ পূৰ্বে বিভাগীয় ৱেবছাইটত পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে চহিদ ভাস্কৰ কলিতাৰ নাম।

কিন্তু এইবাৰ আপডেইট কৰি বিষয়াজনৰ নামটো গুচোৱাৰ পৰিৱৰ্তে ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দিয়ে। এই কাণ্ডই বিভাগটোৰ কামৰ মানৰ বিষয়ে কি ধাৰণা দিয়ে? ইয়াৰ পিছৰ আপডেইটত তেওঁৰ নাম শেহতীয়াভাৱে কাম কৰা থানা বৰডুমচাৰ ভাৰপ্ৰাপ্ত বিষয়া কৰিলেও আচৰিত নহ’ব চাগে।

অসম আৰক্ষীৰ এজন সাহসী তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বিষয়াক লৈ বিভাগটোৰ এই কাণ্ডজ্ঞানহীন কাৰবাৰ দুৰ্ভাগ্যজনক নহয় নে?

উল্লেখযোগ্য যে, বৰ্তমান সময়ত যিকোনো এজন ব্যক্তিয়ে বিভিন্ন কাৰণত আৰক্ষীৰে যোগাযোগ কৰিবলৈ সহজতে পোৱা ইন্টাৰনেটৰ সহায় লয়। কিন্তু অসম আৰক্ষীৰ এই অৱস্থাত মানুহে প্ৰকৃততেই ৱেবছাইটৰ তথ্যক আস্থাত ল’ব পাৰিব নে? ‘ডিজিটেল ইণ্ডিয়া’ৰ যুগত অসম আৰক্ষীয়ে ‘ডিজিটেল’ ক্ষেত্ৰখনক গুৰুত্ব সহকাৰে নোলোৱাটো অত্যন্ত পৰিতাপৰ বিষয়।