• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ডিজিটেল ইণ্ডিয়া’ৰ দিনত কিমান ‘ডিজিটেল’ অসম আৰক্ষী?

ৱেবছাইটত যোগাযোগৰ বাবে এতিয়াও চহিদ ভাস্কৰ কলিতাৰ নাম আৰু ম’বাইল নম্বৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 17, 2018 7:20 pm
DigitalPolice_new

আৰক্ষীৰ ৱেবছাইটত এতিয়াও চহিদ ভাস্কৰ কলিতাৰ নাম আৰু নম্বৰ এতিয়াও দেখুৱাইছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ‘ডিজিটেল ইণ্ডিয়া’ক অসম আৰক্ষীয়েনো কিমান গুৰুত্বসহ লৈছে? সমান্তৰালভাৱে ‘ডিজিটেলি’ কিমান ‘স্মাৰ্ট’ অসম আৰক্ষী?

স্বাভাবিকতে মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ আৰু ‘স্মাৰ্ট পুলিচ’ৰ ধাৰণাক এক প্ৰকাৰ ভেঙুচালি কৰি থকা পৰিলক্ষিত হয় অসমৰ আৰক্ষী বিভাগটোত। ‘ডিজিটেল পৃথিৱী’খনৰ পৰা দূৰৈত থাকিয়েই এতিয়াও যেন ৰাজ্যত সঘনাই ঘটি থকা বিভিন্ন ঘটনা-পৰিঘটনাৰ সৈতে মোকামিলা কৰি আছে অসম আৰক্ষীয়ে। যিটো বিষয়ত গুৰুত্ব নাই অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বৰমূৰীয়াসকলৰ।

Apply Now

আজিৰ ‘ডিজিটেল’ যুগত যিকোনো কাৰণত যদি তাৎক্ষণিকভাৱে আৰক্ষীৰে যোগোযোগ কৰাৰ প্ৰয়োজন হয় তেতিয়াহ’লে স্বভাৱিকভাৱেই বহুতেই ইন্টাৰনেটৰ সহায় ল’ব। কিন্তু ইন্টাৰনেটত কিমান শুদ্ধ ৰূপত পোৱা যায় অসম আৰক্ষীৰ তথ্য? বা কিমান ‘আপডেটেড’ অসম আৰক্ষীৰ ইন্টাৰনেটত উপলব্ধ তথ্যসমূহ?

আমি প্ৰথমতে আপোনাক তিনিচুকীয়া জিলাৰ তিনিচুকীয়া থানাৰ অন্তৰ্গত পানীতোলা আৰক্ষী চকীৰ খবৰ দিব বিচাৰিছো। এই আৰক্ষী চকীতেই কেইবাবছৰ পূৰ্বে ভাৰপ্ৰাপ্ত বিষয়া আছিল ভাস্কৰ কলিতা। আপোনাৰ নিশ্চয় মনত আছে সেইগৰাকী ভাস্কৰ কলিতাই বৰডুমুচা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত হৈ থাকোতে আলফাৰে হোৱা সংঘৰ্ষত চহিদ হৈছিল।

ভাস্কৰ কলিতা আজি কেইবাবছৰ আগতেই পানীতোলা আৰক্ষী চকীৰ পৰা বৰডুমুচা থানালৈ বদলি হৈছিল আৰু সেইখন থানাত থাকোতেই যোৱা মে’ মাহত আলফাৰ গুলীত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম আৰক্ষীৰ ৱেবছাইটত কেইবাবছৰৰ পূৰ্বে পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ চকীত থকা ভাস্কৰ কলিতাৰ নাম আজিও তেনেকৈয়ে আছে।

এইবাৰ দ্বিতীয় এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছো। কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ কথা। যোৱা জুন মাহৰ ৭ তাৰিখে জিলাখনৰ ডকমকা থানাৰ অন্তৰ্গত পানজুৰিৰ কছাৰী গাঁৱত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা নীলোৎপল দাস আৰু আভিজিৎ নাথৰ হত্যাকাণ্ড।

এই হত্যাকাণ্ডৰ পাছতেই জিলাখনৰ উপায়ুক্তই তুলুঙা মন্তব্য কৰিছিল, “তেওঁলোকে সেই ঠাইত যোৱাৰ আগতেই আৰক্ষীক জনাই গৈছিল নেকি?” কিন্তু কোনো এজন লোকে অসম আৰক্ষীৰ ৱেবছাইটৰ পৰা যদি ডকমকা থানাৰ নম্বৰ লয়, তেতিয়াহ’লে তেওঁৰ যোগাযোগ সম্ভৱ নোহোৱাটো নিশ্চিত। কিয়নো অসম আৰক্ষীৰ ৱেবছাইটত থকা জিলাখনৰ ডকমকা থানাৰ ০৩৬৭৬-২২৯৮৩৭ নম্বৰটোত যদি কোনোবাই কল কৰে, উত্তৰ পাব, ‘আপুনি কল কৰা নম্বৰটো বৈধ নহয়’। আনহাতে, ৱেবছাইটত উপলব্ধ জিলাখনৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰটোত যোগোযোগ কৰিলেও পোৱা যায় একেটাই উত্তৰ।

এই দুটা মাত্ৰ উদাহৰণ হে, ৰাজ্যখনৰ আৰক্ষী বিভাগৰ ৱেবছাইটত উপলব্ধ হোৱা প্ৰায়বোৰ তথ্যই এতিয়া পুৰণি।

ৰাজ্যখনৰ তিনিচুকীয়া, বঙাইগাওঁ, গোলাঘাট, কাৰ্বি আংলং, ধেমাজি, হামৰেন, শোণিতপুৰ, ওদালগুৰি, বাক্সা, কাছাৰ, দৰং, গোৱালপাৰা, নলবাৰী, শদিয়া আদি আৰক্ষী জিলাৰ অসম আৰক্ষীৰ ৱেবছাইটত লাভ কৰা নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰত যোগোযোগ কৰিলে বিফল হোৱাটো খাটাং।

সমান্তৰালভাৱে আমি বৰপেটা আৰু ডিমা হাচাও জিলাৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ কেইবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো যদিও ফোনটো ৰিং হৈ থকাৰ পাছতো নিয়ন্ত্ৰণ কক্ষৰ পৰা সঁহাৰি নাহিল।

হয়তো কোনোবা জিলাৰ নিয়ন্ত্ৰণ কক্ষৰ এই নম্বৰ সলনি হৈছে, কিন্তু সেয়া এইপৰ্যন্ত অসম আৰক্ষীৰ ৱেবছাইটত আপডেইট কৰা হোৱা নাই।

ইয়াৰ উপৰি অসম আৰক্ষীৰ ৱেৱছাইটত উপলব্ধ ৰাজ্যখনৰ থানাসমূহৰ নম্বৰৰ বহুসংখ্যক এতিয়া সেৱাত নাই। একেদৰে থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ নাম ৱেবছাইটত উপলব্ধ যদিও বহুতেই সংশ্লিষ্ট থানাখনৰ পৰা বদলি হৈ অন্য থানালৈ যোৱাৰ ভালেমান দিন হৈ গৈছে। কিন্তু তেওঁলোকৰ নাম ৱেৱছাইটত আপডেইট হোৱা নাই।

এইদৰে অসমৰ আৰক্ষী বিভাগটোৱে হাততে পোৱা ‘অনলাইন’ সুবিধাক গুৰুত্বহীন কৰি ৰখা দেখা গৈছে। যাৰ বাবে হঠাতে যি কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হ’লে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি হাহাকাৰ কৰি থাকিলেও যোগাযোগ সম্ভৱ হৈ নুঠে। যাৰ বাবে সাধাৰণ ৰাইজ বিপদৰ সময়ত পাব লগীয়া আৰক্ষী সেৱাৰ পৰাও বঞ্চিত হ’ব লগীয়া হ’ব পৰে।

এইবোৰৰ পৰা এটা কথা প্ৰমাণিত হয় যে ‘ডিজিটেল ইণ্ডিয়া’ আৰু ‘স্মাৰ্ট পুলিচ’ৰ কথা কোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনতো অসম মুলুকৰ আৰক্ষীয়ে আজিও ‘ডিজিটেল’ শব্দটোৰ ভুকে পোৱা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd