NORTHEAST NOW (Assamese)
অসম

বিজেপি বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে এজাহাৰ দাখিল বৰপেটা জিলা আমছুৰ

Posted by: আনিছুজ জামান October 15, 2018 2:54 pm

আলফা (স্বাঃ)এ গুৱাহাটীত ১৩ অক্টোবৰত কৰা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঈদত অসমৰ ধুবুৰী, বৰপেটা আদি জিলাত বোমা ফুটুৱাৰ বাবে পৰেশ বৰুৱাক বিজেপিৰ বিধায়ক শিলাদিত্য দেবে প্ৰত্যাহ্বান জনোৱাত বৰপেটা জিলা আমছুৱে শিলাদিত্য দেবৰ এনে ধৰণৰ মন্তব্যক উচটনি মন্তব্য বুলি কোৱাৰ লগতে তীব্ৰ গৰিহণা দিছে।

আনহাতে ঈদৰ সময়ত আলফা (স্বা)ৰ বোমা বিস্ফোৰণ কৰিবলৈ সাহস নহ’ব বুলি কোৱা তথা আলফা (স্বা)ৰ সেনাধক্ষ্য পৰেশ বৰুৱাক প্ৰশ্ন কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা বুলিও আমছুৱে অভিযোগ উত্থাপন কৰিছে।

তাৰোপৰি বিধায়ক শিলাদিত্য দেৱৰ একাধিক উগ্ৰপন্থী গোটৰ লগত সম্পৰ্ক আছে আৰু অনাগত দিনত উগ্ৰপন্থী সকলৰ সহযোগত অসমত ভয়াৱহ কুটাঘাত কৰাৰ পৰিকল্পনা কৰা বুলিও বৰপেটা জিলা আমছুৱে ধাৰণা কৰে।

গতিকে হোজাইৰ বিধায়ক শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত হাউলী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।