NORTHEAST NOW (Assamese)
অসম

এ টি এম লুটিব আহি নগাঁও আৰক্ষীৰ জালত পৰিল উত্তৰ প্ৰদেশৰ ৩ জন হেকাৰ

Posted by: মিণ্টু দাস October 15, 2018 5:45 pm
ATM Hacker

আজি নগাঁও আৰক্ষীৰ এটা দলে সফলতাৰে এ টি এমৰ পৰা ধন লুট কৰি অহা তিনি যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, দীর্ঘদিনৰে পৰা উত্তৰ প্ৰদেশৰ চাহৰাণপূৰৰ এই চাৰি যুৱকে নগাঁও জিলাৰ লগতে গুৱাহাটী, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ এ টি এমৰ পৰা ধন লুট কৰি আহিছিল।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ চুনু কুমাৰ, দীপক কুমাৰ আৰু জয়চান্দ সহ চাৰিজনীয়া দলটোৱে আজি নগাঁও চহৰৰ ডিমৌগুৰিৰ এচ বি আইৰ এ টি এমৰ পৰা ধন সৰকোৱাৰ চেষ্টা চলাইছিল। আৰু ঠিক সেই সময়তে নগাঁও আৰক্ষীয়ে ঘটনাৰ উমান পোৱাত অভিযান চলাই দলটোৰ মাষ্টাৰ মাইণ্ড চুনু কুমাৰক আটক কৰে।

আৰক্ষীয়ে দলটোৱে ব্যৱহাৰ কৰা য়ু কে ১৭ এইচ ৩০৫০ নম্বৰৰ মাৰুতি চুজুকি চুইফট গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে দলটোৰ আন তিনিজন চোৰ পলাই যোৱাৰ চেষ্টা চলাইছিল যদিও দীপক কুমাৰ আৰু জয় চান্দক চহৰখনৰ হয়বৰগাঁ‌ৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে দলটোৰ সৈতে জড়িত চতুৰ্থজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। পলাবলৈ সক্ষম হোৱা প্ৰবঞ্চকটোকো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ডিমৌগুৰি এই এ টি এমৰ পৰা ৫ মাহৰ আগতে এই দলটোৱে ধন লুট কৰি নিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।