NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত ৰাধাগোবিন্দ বৰুৱা স্মাৰক কলা প্ৰতিযোগিতাৰ আয়োজন

October 15, 2018 6:00 pm
https://assam.nenow.in/wp-content/uploads/2018/10/1-1.jpg

‘সিংহ পৰুষ ৰাধাগোবিন্দ বৰুৱা স্মাৰক কলা প্ৰতিযোগিতা’ উত্তৰ লখিমপুৰস্থিত লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত (Lakhimpur Girls College) অনুষ্ঠিত হৈ যায়। ১৪ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত সাংবাদিক হৰনুল ৰছিদে।

উদ্বোধকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক এনেধৰণৰ কলা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি তেওঁলোকৰ দক্ষতাত শান দিবলৈ উপদেশ দিয়ে।

লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ‘জিনিয়াছ একাডেমী কনিষ্ঠ মহাবিদ্যালয়’ৰ সঞ্চালক ড০ মুকুন্দ ৰাজবংশী আৰু লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ গণিতৰ অধ্যাপক ড০ উপেন পূজাৰীয়ে এই প্ৰতিযোগিতাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।

উত্তৰ লখিমপুৰৰ প্ৰায় সকলো বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। জ্যেষ্ঠ কলাকাল প্ৰসেন শৰমাও এই প্ৰতিযোগিতা স্থানত উপস্থিত আছিল।