NORTHEAST NOW (Assamese)
অসম

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও May 29, 2022 3:03 pm

নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভাওলাগুৰীত আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছসহ এজন যুৱকক আটক কৰে ৷

নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত চলোৱা অভিযানত ড্ৰাগছসহ আটক কৰা যুৱকজন নিউবঙাইগাঁও ভাওলাগুৰীৰ তাইজুদ্দিন আলী বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

আৰক্ষীৰ জালত পৰা যুৱক জনৰ পৰা আৰক্ষীয়ে ১২.৭৬ গ্ৰাম ড্ৰাগছ, পাঁচ বটল নিচাযুক্ত ঔষধ, চিৰিঞ্জ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ড্ৰাগছখিনি কণ্টেইটাৰত ভৰোৱা আছিল ৷

উল্লেখ্য যে আৰক্ষীয়ে পুৱাৰ ভাগত নিউ বঙাইগাঁও চাইনা মাৰ্কেটৰ সন্তোষ চৌধুৰীক ড্ৰাগছসহ আটক কৰাৰ পিচত সন্ধিয়া পুনৰ তাইজুদ্দিন আলীক কৰায়ত্ত কৰে ৷