NORTHEAST NOW (Assamese)
অসম

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 29, 2022 4:02 pm

“অসমত গণতন্ত্ৰৰাজ চলিছে নে মুখ্যমন্ত্ৰীৰাজ চলিছে নে আলফাৰাজ চলিছে? আলফালৈ ল’ৰা যোৱাৰ বাবে অপৰাধী সঞ্জয় কিষাণ। যুৱকসকলক আলফালৈ যোৱাত অনুপ্ৰাণিত কৰিছে সঞ্জয় কিষাণে”। মুখ্যমন্ত্ৰীয়ে শনিবাৰৰ দিনটোত মন্ত্ৰী সঞ্জয় কিষাণলৈ আলফাক ক্ষমা খোজা সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো সঞ্জয় কিষাণক কালিহে আলফাক ক্ষমা খোজাৰ ক্ষেত্ৰত কাৰণ দৰ্শোৱাৰ জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সময় পালে নেকি বুলি প্ৰশ্ন কৰি বৰাই লগতে কয় “মুখ্যমন্ত্ৰী প্ৰথমে নীৰৱ আছিল এতিয়াহে সাৰ পালে”।

তেওঁ লগতে কয় “ফেচবুক নাইবা টুইটাৰত আলফাৰ প্ৰতি অলপ সহানুভূতি দেখুওৱা বহু মানুহক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জেইললৈ প্ৰেৰণ কৰিছে। সঞ্জয় কিষাণে আলফাক ক্ষমা কৰি চুড়ান্ত অপৰাধ কৰিছে। তেওঁক বৰ্খাস্ত কৰাই নহয় জেইললৈ প্ৰেৰণ কৰিব লাগে। ফেচবুকত লিখা আৰু মন্ত্ৰী একেই আইনৰ গণ্ডীত পৰে”।