NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় বায়ুসেনাই আজি অন্তৰ্ভুক্ত কৰিব Apache AH-64E(I) আক্ৰমণকাৰী হেলিকপ্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2019 10:33 am
apache

ভাৰতীয় বায়ুসেনা বাহিনীৰ অধুনিকীকৰণত একবৃহৎ পদক্ষেপ গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত Apache AH-64E(I) হেলিকক্টাৰ মঙলবাৰে চণ্ডীগড়ত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব।

ভাৰতীয় বায়ুসেনা বাহিনীয়ে ইয়াৰ টুইটাৰত লিখিছে যে ৩ ছেপ্টেম্বৰত পাঠানকোটৰ ভাৰতীয় বায়ুসেনা বাহিনীত Apache AH-64E(I) হেলিকপ্টাৰ সংযোজন কৰা হ’ব।

ভাৰতীয় বায়ুসেনা বাহিনীয়ে টুইটাৰত এটা চাৰি মিনিটৰ ভিডিঅ’ও মুকলি কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে এই অনুষ্ঠানত উপস্থিত থাকিব।

বিগত ২০১৫ চনত ভাৰতে ইয়াৰ আক্ৰমণৰ সক্ষমতা বৃদ্ধি কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়ৰ বৃহৎ কোম্পানী ব’য়িঙৰ সৈতে ১.১ বিলিয়ন ডলাৰৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল।

ভাৰতীয় বায়ুসেনাই বৰ্তমান ছোভিয়েট মূলৰ সমৰসজ্জিত হেলিকপ্টাৰ  Mi-25আৰু Mi-35 ব্যৱহাৰ কৰি আছে।

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ব’য়িঙে ইতিমধ্যে যোগান ধৰা প্ৰথম আপচে’ স্কোৱাড্ৰনত অঠখন হেলিকপ্টাৰ থাকিব।

ব’য়িঙে ২০২০ চনৰ ভিতৰত ২২ খন হেলিকপ্টাৰ যোগান ধৰিব। ইয়াৰে চাৰিখন পাঠানকোটৰ বায়ুসেনা ঘাটিত ৰখা হ’ব। এই ঘাটিটো পাকিস্তানৰ সীমান্তৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত অৱস্থিত আৰু এটা প্ৰধান বায়ুসেনাৰ ঘাটি।

ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভুক্ত হ’বলগীয়া আপচে’ হেলিকপ্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত দ্বিতীয়খন হেলিকপ্টাৰ।

ভাৰতীয় বায়ুসেনাই ইতিমধ্যে যোৱা ২৫ মাৰ্চত ব’য়িং  CH-47F (I) Chinook heavy-liftহেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰিছে।

যোৱা ২৫ মাৰ্চত এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানৱাই চণ্ডীগড়ত Chinook heavy-lift হেলিকপ্টাৰ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা এক অনুষ্ঠানত পৌৰহিত্য কৰিছিল।