NORTHEAST NOW (Assamese)
অসম

কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2022 7:56 am

Baba Ramdev faces heat over his remarks পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে বাবা ৰামদেৱ। শেহতীয়াকৈ তেওঁ কৈছিল যে বহুতো মহিলাই এটা অনুষ্ঠানটোৰ বাবে শাৰী আনিছিল, কিন্তু এটাৰ পিছত এটা অনুষ্ঠানৰ বাবে সেইবোৰ পিন্ধিবলৈ সময় পোৱা নাছিল। ইপিনে, এই সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৰামদেৱক ক্ষমা বিচাৰিবলৈ কৈছে।

তেওঁ লিখিছে, “মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ পত্নীৰ সন্মুখত ৰামদেৱৰ বক্তব্য অশালীন আৰু নিন্দনীয়। সকলো মহিলাই ইয়াৰ দ্বাৰা আঘাত পাব। বাবা ৰামদেৱে ইয়াৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে।‘’

ৰামদেৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ পত্নী অম্ৰুতা ফাৰনাৱিশে ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিবাদ কৰা নাই।

তেওঁ কয়, “যেতিয়া ৰাজ্যপালে শিৱাজীৰ ওপৰত মন্তব্য দিছে তেতিয়া চৰকাৰ নীৰৱ হৈ আছে। এতিয়া বিজেপিৰ প্ৰচাৰক ৰামদেৱে যেতিয়া মহিলাসকলক অপমান কৰিছে তেতিয়াও নীৰৱ হৈ আছে। চৰকাৰে দিল্লীৰ ওচৰত তেওঁলোকৰ জিভা বন্ধক ৰাখিছে নেকি?’’

লগতে পঢ়ক: বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি

উল্লেখ্য, অনুষ্ঠানটোত উপস্থিত থকা যোগ গুৰুজনে কৈছিল, “আপোনালোকক শাৰী পিন্ধিলে ভাল লাগে, আপোনালোকে অম্ৰুতাজীৰ দৰে ছালৱাৰ পিন্ধিলেও ভাল লাগে, আকৌ মোৰ দৰে যেতিয়া আপোনালোকে একো নিপিন্ধে তেতিয়াও ভাল লাগে।”

বাবা ৰামদেৱৰ এই শাৰীৰ প্ৰ সংগত কৰা মন্তব্যই ইতিমধ্যে এক তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে।