NORTHEAST NOW (Assamese)
অসম

অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি, মাননীয় প্ৰধান মন্ত্ৰী?

Posted by: এন ই নাও নিউজ December 23, 2018 4:26 pm
Narendra-MODI, dark triad, personality worship and alternative

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অসমৰ সাংবাদিক সন্ত্ৰাসবাদী নেকি? যিকোনো সংবাদকৰ্মীৰ আত্মসন্মানত আঘাত কৰিব পৰা এই প্ৰশ্নটোৱেই আজি উত্থাপিত হৈছে অসমত।

২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোদীৰ বগীবিল দলং মুকলি অনুষ্ঠানত “চৰকাৰী” মাধ্যমৰ বাহিৰে নিষিদ্ধ কৰা হৈছে সকলো সাংবাদিকৰ প্ৰৱেশ।

আৰু সাংবাদিকৰ ওপৰত এই চৰকাৰী নিষেধাজ্ঞাৰ কাৰণ– “নিৰাপত্তাজনিত”!

“নিৰাপত্তাজনিত কাৰণত আৰু এছ পি জিৰ পৰামৰ্শমতে বগীবিল দলঙৰ দক্ষিণ পাৰত হ’বলগীয়া ফিটা কটা অনুষ্ঠানৰ বাবে চৰকাৰী সংবাদ মাধ্যমৰ বাহিৰে অন্য কোনো প্ৰচাৰ মাধ্যমক অনুমতি প্ৰদান কৰা নহয়,” দেওবাৰে আবেলি ২:০৫ বজাত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ ৱটছ এপ গ্ৰুপত সাংবাদিকৰ “জ্ঞাতাৰ্থে” এই জাননী ডিব্ৰুগড়ৰ জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীৰ।

pm modi bogibeel
ডিব্ৰুগড়ৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ ৱটছ এপ জাননীৰ স্ক্ৰীনশ্বট।

এই ঘোষণাৰ কিন্তু “আনুষ্ঠানিক জাননী নোলায়” আৰু তাৰ কাৰণ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কিত ঘোষণাটোৰ বাবে তেওঁলোকে “সময় পোৱা নাই”, নৰ্থ ইষ্ট নাও-ক জনালে কছাৰীয়ে।

প্ৰধান মন্ত্ৰীৰ নিৰাপত্তা নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা। তাৰ বাবে সাংবাদিকৰো তালাচীৰ কথা থাকিব পাৰে।

কিন্তু অসমৰ সাংবাদিকৰ ওপৰত এই নিষেধাজ্ঞা কিয়? সাংবাদিকৰ ওপৰত এই নিষেধাজ্ঞা কিয়?

শেহতীয়াকৈ মুখ্য মন্ত্ৰীক সমালোচনা কৰাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি মণিপুৰৰ সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমক এবছৰৰ বাবে কাৰাৰুদ্ধ কৰিছে বিজেপি চৰকাৰে।

প্ৰধান মন্ত্ৰীৰ নিৰাপত্তাৰ দোহাইৰে সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধকৰণ গণতন্ত্ৰৰ কোনটো বৈশিষ্ট্য?