NORTHEAST NOW (Assamese)
অসম

শেতালীৰ নি:কিন দিপালী বৰাৰ পৰিয়াললৈ স্পৰ্শ আৰু সাৰথিৰ সহায়ৰ হাত

Posted by: মিণ্টু দাস December 23, 2018 4:07 pm
nagaon

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেতালী চাৰিআলিৰ  দিপালী বৰা নামৰ এগৰাকী নি:কিন যুৱতীৰ ঘৰৰ চোতালৰ পকা ধানৰ মেজিত আজি কেইদিনমানৰ আগতে নিশা কোনো দুৰ্বৃত্তই জুই দি পিতৃহীনা দৰিদ্ৰ পৰিয়াললৈ অমানিশা নমাই আনিছিল৷ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই অমানৱীয় ঘটনাতো প্ৰচাৰ হৈছিল।

কাৰো ওচৰত হাত নাপাতি  আনৰ ঘৰত হাজিৰা কৰি ৰোগাগ্ৰস্তা বিধৱা মাতৃ  আৰু ৰুগীয়া ভাতৃক সাহসৰে পোহপাল দি অহা অবিবাহিতা ৰূপালীক সাহস আৰু সহায় কৰিবলৈ শনিবাৰে তেওঁলোকৰ জুয়ে পোৰা চোতালত নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পৰ্শ’ৰ লগতে  সাৰথি,  অনুশীলন, প্ৰেছ ক্লাৱ বেবেজীয়া, ক্ৰিয়েশ্যন আদি অনুষ্ঠানৰ কৰ্মকৰ্তাসকল উপস্থিত হয়।

স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পৰ্শ’ৰ হৈ অনুষ্ঠানটিৰ সভাপতি তথা সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰদলৈ, সম্পাদক তথা জনপ্ৰিয় অভিনেতা-নাট পৰিচালক দিব্যজ্যোতি শইকীয়া আৰু বিত্ত সম্পাদক মুনজ্যোতি নাথে পৰিয়ালটোৰ হাতত অৰ্থ সাহায্যৰ লগতে খাদ্য সামগ্ৰীৰ টোপোলা অৰ্পণ কৰে।

একেদৰে হাতীচোং চকলাঘাটৰ  “সাৰথি আত্ম সহায়ক” গোটৰ হৈ অনুষ্ঠানটোৰ সভাপতি লোকেন চন্দ্ৰ নাথ আৰু কৰ্মকৰ্তা দেৱেশ্বৰ তালুকদাৰে দিপালী বৰাৰ পৰিয়ালটোৰ হাতত কিছু অৰ্থ সাহায্য প্ৰদান কৰে।

দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত এই অনুষ্ঠান দুটিৰ লগতে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, প্ৰেছ ক্লাৱ বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি বালা কাকতি, প্ৰতিদিন টাইমৰ নগাঁৱস্থ সাংবাদিক বীৰেন বৰা, যুৱনেতা পাৰ্থ সাৰথি বৰা, স্থানীয় সংবাদ কৰ্মী তুষাৰ শৰ্মাৰ  লগতে  ফেচবুকত এটা  পোষ্টৰ  জৰিয়তে দুৰ্ভগীয়া দিপালী বৰাৰ পৰিয়ালটোক সহায়ৰ বাবে  প্ৰথম আহ্বান জনোৱা কল্যান বৰা আদি উপস্থিত থাকি দিপালী বৰাৰ চোতালত সংঘটিত হোৱা এই নিন্দনীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

গল্পকাৰ শিৱানন্দ কাকতিয়ে পৰিয়ালটোক সহায় আৰু সাহস দিবলৈ আগবাঢ়ি অনুষ্ঠানসমূহক ধন্যবাদ জনায় কয় যে সমাজত এতিয়াও মানৱতা সবল ৰূপত জীয়াই আছে। ইপিনে, আজি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো কিছু সুহৃদ ব্যক্তিয়ে দিপালী বৰাক সহায় আগবঢ়াব বুলি ছাত্ৰনেতা নিপন শৰ্মাই জানিবলৈ দিছে।

আনহাতে, দিপালী বৰাৰ ঘৰত দুস্কাৰ্য সংঘটিত হোৱাৰ নিশাই সমীপৰে জামুগুৰি গাঁৱৰ নিৱাসী তথা হাতীচোং জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনৰ পৰাজিত অগপ প্ৰাৰ্থী অৱন্তী দেৱীৰ ঘৰতো জুই দি দুৰ্বৃত্তই বিস্তৰ ক্ষতি সাধন কৰিছিল। শনিবাৰে অৱন্তী দেৱীৰ ঘৰতো দিপালী বৰাৰ ঘৰত সমবেত হোৱা সকলো ব্যক্তি উপস্থিত হৈ খবৰ লৈ সমবেদনা জ্ঞাপন কৰে।