NORTHEAST NOW (Assamese)
অসম

আজি মহাষষ্ঠীত শোণিতপুৰৰ পূজা মণ্ডপত উখল-মাখল পৰিবেশ

Posted by: মনিমালা বৰা October 15, 2018 7:20 pm
IMG-20181015-WA0012

আজি মহাষষ্ঠী। আজি শক্তিৰ আৰাধ্যা দেৱী দূৰ্গাক বেদীত প্ৰতিষ্ঠা কৰি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে চৌদিশ মুখাৰিত হৈ পৰিছে। আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত পূজাৰ পাৰ-ভঙা উছাহ পৰিলক্ষিত হয়। পুজাৰ মণ্ডপসমূহ আটকধুনীয়া কাৰু-কাৰ্যৰে, ৰমকে-জমকে সু-সজ্জিত কৰি দুৰ্গতিনাশিনীক আদৰিবৰ বাবে সাজু কৰি তুলিছে পূজা কমিটীসমূহে ।

তেজপুৰ চহৰৰ বিভিন্ন স্থানত আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পুজাৰ মণ্ডপসমূহ তাৰ ভিতৰত অন্যতম তথা দৰ্শকৰ মন জয় কৰিব পৰা এটি মণ্ডপ হল তেজপুৰৰ মহাভৈৰৱস্থিত দূৰ্গাবড়ী পূজা মণ্ডপ। এই পূজা কমিটিয়ে প্ৰত্যেক বছৰে  আন আন পূজা মণ্ডপৰ তুলনাৰ এক ব্যতিক্ৰমী পূজা মণ্ডপৰ সাজ-সজ্জাৰ ওপৰত গুৰুত্ব  আৰোপ কৰি আহিছে, এনেক্ষেত্ৰত এইবাৰো দূৰ্গাবড়ী পূজা আয়োজন কমিতিয়ে সকলো দৰ্শকৰে মন জয় কৰিব পৰাকৈ জাপি আৰু গামোচাৰে সজাই পৰাই এক জাকতজিলিকা মণ্ডপ প্ৰস্ত্তত কৰি উলিয়াইছে।

ঠিক একেদৰে শোণিতপুৰৰ বালিপৰাতো দৰ্শকৰ মন জয় কৰিব পৰাকৈ জাকজমককৈ সজাই পৰাই তুলা হয় পূজাৰ মণ্ডপসমূহ। এইসমূহৰ ভিতৰত বালিপৰাত ধৰ্মগ্ৰন্থৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজাৰ মণ্ডপটি এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়ং বয়জ ক্লাৱে ধৰ্মীয় গ্ৰ্ন্থৰ বেটুপাতৰ আৰ্হিৰে নিৰ্মাণ কৰা এই মণ্ডপটো এক ব্যতিক্ৰমী প্ৰয়াস। যিটো সময়ত সকলো ল’ৰা-ছোৱালী ফেচবুক, হোৱাট্ছএপত অধিক সময় অতিবাহিত কৰা, কিতাপ বা গ্ৰন্থ পঢ়িবৰ আহৰি নাই তেনে সময়ত ইয়ং বয়জ ক্লাৱৰ এনে ব্যতিক্ৰমী প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়।

ইফালে শোণিতপুৰৰ ৰঙাপৰাতো দূৰ্গাপূজাৰ উখল-মাখল পৰিবেশ। ৰঙাপৰা পূজা পৰিচালনা কমিটিয়ে জনোৱা মতে প্ৰায় লাখ টকা ব্যয় সাপেক্ষে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে। উক্ত পূজাস্থলীত বংগ আৰু অসমৰ বিখ্যাত সাহিত্যিক সকলৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থসমূহৰ লগতে হিন্দুসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থসমূহৰ আকৃতিত পেণ্ডেল নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে ৰঙাপৰাৰ ১ নং নামনিগাওঁ পূজা উদযাপন সমিতিয়ে দৰ্শক ৰাইজৰ মনোঞ্জনৰ বাবে এখনি টাইটানিক জাহাজ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে।