NORTHEAST NOW (Assamese)
অসম

জুনু শৰ্মা হত্যাকাণ্ড : মাত্ৰ এটা চহীতে কৃষকক ঋণ উলিয়াই দি সমানে এফাল লৈছিল বেংক বিষয়া আৰু এজেণ্টে

Posted by: মৃদুল প্ৰীতম ডেকা October 15, 2018 7:28 pm
Junu-Sarmah-750x375

কেইবা কোটি টকীয়া বিত্তীয় কেলেংকাৰি গাপ দিবলৈ হত্যা কৰা হ’ল বেংক বিষয়া জুনু শৰ্মাক। বিষয়াগৰাকীৰ হত্যাৰ ৬ দিন পিছত আৰক্ষীৰ তদন্তত নিশ্চিত হৈছে এই কথা।

বেংক বিষয়াগৰাকীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন আভিযুক্তৰ ভিতৰতে আছে হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড। নৰ্থ-ইষ্ট নাওক তদন্তকাৰী আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, জেৰাত বহুবোৰ চাঞ্চল্যকৰ তথ্য লাভ কৰা গৈছে।

আৰক্ষীয়ে দিয়া তথ্যমতে, বিগত সময়ছোৱাত এছ বি আইৰ দদৰা শাখাত সংঘটিত হৈছিল বৃহৎ পৰিমাণৰ ঋণ কেলেংকাৰি। শাখাটোৰ অভিযুক্ত বিষয়া সুনীল কুমাৰ মিশ্ৰ আৰু এজেণ্ট পুতুল আলীয়ে মিলি কামৰূপ জিলাখনৰ হাজো ৰাজহ চক্ৰৰ বহু কৃষকৰ পৰা কে চি চি ঋণৰ নামত সংগ্ৰহ কৰিছিল কোটি কোটি টকা।

আনহাতে বেংকৰ শাখাটোৰ পৰাও বহু কৃষকৰ নামত ঋণ উলিয়াই তাৰে সিংহভাগ নিজৰ বাবে ৰাখি সামান্য অংশহে কৃষকক দিছিল। এই কামত পুতুল আলীৰ লগতে জড়িত আছিল উদ্ধৱ দাস নামৰ আন এজন।

আজি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে এইবোৰ গুৰুত্বপূৰ্ণ কথা। আৰক্ষীৰ মতে, গোটেই প্ৰক্ৰিয়াটোত হিতাধিকাৰীক অন্ধকাৰত ৰাখি প্ৰৱঞ্চনাৰে কৃষকৰ মাথোঁ চহীটো লৈয়ে কোটি কোটি টকা বেংকৰ পৰা সৰকাই নিছিল।

উল্লেখযোগ্য যে অভিযুক্ত আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত থকা পুতুল আলী দদৰা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দায়িত্বত আছিল। আনহাতে শাখাটোৰ তদানীন্তন বিষয়া সুনীল কুমাৰ মিশ্ৰৰ এই বিত্তীয় খেলিমেলিৰ বাবেই গুৱাহাটীলৈ শাস্তিমূলক বদলি হৈছিল। আৰক্ষীয়ে সন্দেহ কৰামতে, এই কেলেংকাৰিৰ আঁৰত বেংকটোৰ ভিতৰৰ আৰু বাহিৰৰ কেইবাজনো লোক জড়িত হৈ থকা এটা বৃহৎ চক্ৰ থাকিব পাৰে।

মন কৰিব লগীয়া যে সুনীল কুমাৰ মিশ্ৰৰ বদলিৰ পিছত পদোন্নতিৰ সূত্ৰে ঋণৰ কামবোৰ জুনু শৰ্মাই চোৱাচিতা কৰিছিল। দায়িত্ব লোৱাৰ পিছত এখন আৰ টি আইৰ উত্তৰ দিবলৈ জুনু শৰ্মাই এইবোৰ তথ্যৰ মাজত চকু ফুৰাওঁতে জুনু শৰ্মাই ধৰা পেলাইছিল সাংঘাতিক বিসংগতি। গতিকে জুনু শৰ্মাই এই কেলেংকাৰিটোৰ কথা গম পোৱা বাবেই তেওঁক হত্যা কৰা কথাটো এক প্ৰকাৰ নিশ্চিত হৈছে।

উল্লেখযোগ্য যে যোৱা ৯ অক্তোবৰত বিষয়া জুনু শৰ্মাক নিজৰ কৰ্তব্যৰ পৰা ঘূৰি আহি থাকোতে আগিয়াঠুঁৰিত মটৰ চাইকেলত অহা দুজন অচিনাক্ত লোকে তেওঁৰ গাড়ী ৰখাই গাড়ীৰ গ্লাছ ভাঙি পিষ্টলেৰে গুলীয়াই হত্যা কৰে।

জুনু শৰ্মাৰ হত্যাকাণ্ডৰ ঘটনাত আন দুজনক গ্ৰেপ্তাৰ

জুনু শৰ্মা হত্যকাণ্ডত জড়িত থকাৰ সন্দেহত তদন্তকাৰী আৰক্ষীয়ে আজি আৰু ২জনক গ্ৰেপ্তাৰ কৰিছে। নতুনকৈ গ্ৰেপ্তাৰ হোৱা দুজনৰ নাম ক্ৰমে ছাদ্দাম হুছেইন আৰু মণ্টু আলী। ইয়াৰে মণ্টু আলীৰ ঘৰ আগিয়াঠুঁৰিৰ ইছলামপুৰত আৰু ছাদ্দাম হুছেইনৰ হাজোত।

দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে হাজোৰ প্ৰথম শ্ৰেণীৰ আদালতত হাজিৰ কৰোৱায়। আদালতে দুইজনকে ১৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে। এই দুজনকে ধৰি জুনু শৰ্মাৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰৰ সংখ্যা ৫জন হ’ল।