NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজা উপলক্ষে ১৯ অক্টোবৰত বিশ্বনাথত ‘ড্ৰাই ডে’ ঘোষণা

Posted by: কাজি জেইদুল ইছলাম October 15, 2018 10:38 pm
Durga Puja 2020 to continue for more than one month

দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জ্জনৰ দিনা আইন-শৃংখলা বৰ্তাই ৰখা তথা সুৰাজনিত দুৰ্ঘটনা আৰু অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে অসম আৱকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত বিশ্বনাথ জিলাৰ উপায়ুক্তই অহা ১৯ অক্টোবৰৰ বিজয়া দশমীৰ দিনটো ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে।

সেইদিনা বিশ্বনাথ জিলাৰ অন্তৰ্গত সকলোবোৰ দেশীয় আৰু বিদেশী সুৰাৰ বিপণী, বাৰ, ক্লাৱ, ব’ণ্ড আদি বন্ধ থাকিব।

আনহাতে, এক শুভেচ্ছা বাৰ্তাযোগে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সমূহ জিলাবাসীকে শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছে। শাৰদীয় এই উছৱ শান্তিপূৰ্ণ পৰিৱেশত  উদযাপন কৰাৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।