NORTHEAST NOW (Assamese)
অসম

৩৭ কোটি টকা দাবী, প্ৰিয়ংকাৰ বিয়াত ভিনিহিয়েকৰ জেপ উদং কৰিব খুলশালী পৰিনীতিয়ে!

Posted by: এন ই নাও নিউজ October 18, 2018 4:56 pm
priyanka parineeti

এমেৰিকান গায়ক নিক জ’নাছৰ সৈতে অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চ’প্ৰাৰ বিয়াৰ বাতৰি ওলোৱাৰ সময়তে বলিউদৰ বতাহত উৰিছে কইনাৰ ভনীয়েক পৰিনীতিয়ে ভাবী ভিনিহিয়েকক কৰা মৰমৰ দাবীৰ আন এক খবৰ।

বলিউদ হাংগামা-ৰ বাতৰি অনুসৰি বায়েকৰ বিয়াত দৰা নিকৰ পৰা ৩৭ কোটি টকা দাবী কৰিছে ইশকজাদে-খ্যাত অভিনেত্ৰী পৰিনীতি চ’প্ৰাই।

তেওঁলোকৰ বিয়াৰ পৰম্পৰাগত ‘জোতা চুৰি’ (জুতা চ্চুৰানা) পৰ্বত ভিনিহিয়েকৰ পৰা এই বৃ্হৎ পৰিমাণৰ ধন সৰকোৱাৰ পৰিকল্পনা কৰিছে খুলশালী পৰিনীতিয়ে। এই পৰম্পৰাত দৰাৰ জোতা লুকুৱাই পুনৰ ধনৰ বিনিময়ত জোতাজোৰ ঘূৰাই দিয়া হয়।

“মই পৰহি ৰাতি নিকক লগ কৰিছিলো। মই ক’লো ৫ মিলিয়ন ডলাৰ লাগিব, তেতিয়া তেওঁ ক’লে মই তোমাক ১০ ডলাৰ দিম। মইতো ধেৰ পইচা ল’ম, কাৰণ মই হ’ব লাগিব তেওঁৰ প্ৰিয়তম খুলশালী,” পৰিনীতিৰ উদ্ধৃতিৰে এই বাতৰি বলিউদ হাংগামা-ৰ।

লগতে পঢ়ক– ডিচেম্বৰত বিয়া প্ৰিয়ংকাৰ!

বলিউদি গুজৱ মতে পৰিনীতি প্ৰিয়ংকা আৰু নিকৰ খুবেই ঘনিষ্ঠ আৰু প্ৰথমৰে পৰাই দুয়োৰে প্ৰেমৰ সাক্ষী।

প্ৰিয়ংকাৰ সৈতে বিবাহ চূড়ান্ত কৰাৰ বাবে নিক ভাৰতলৈ অহাৰ সময়তো তেওঁলোকৰ সৈতে গোৱালৈ গৈছিল পৰিনীতি।