NORTHEAST NOW (Assamese)
অসম

বিজয়া দশমীৰ আনন্দৰ মাজতে বোকাখাতত পথ দুৰ্ঘটনাত নিহত এজন

Posted by: উত্তম শইকীয়া October 19, 2018 7:54 pm
দুৰ্ঘটনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বোকাখাততো দুৰ্গোৎসৱৰ বিজয়া দশমী ব্যাপক উলহ-মালহেৰে পালন কৰাৰ সময়তে ইয়াৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয়া ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে বোকাখাতৰ লতবাৰীত ডিফলু নদীৰ ঘাটত দশমীৰ প্ৰতিমা বিসৰ্জন চাবলৈ আহিছিল দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লোৱা মদন মাঝি নামৰ লোকজন।

দশমী উপভোগ কৰিবলৈ অহা অৱস্থাতে এখন দ্ৰুত বেগেৰে অহা অচিনাক্ত স্কুটিয়ে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত মদন মাঝিয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাব লগীয়া হয়।

দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনস্থলীৰ সমীপতে সংঘটিত পথ দুৰ্ঘটনাত নিহত মদন মাঝি বোকাখাতৰ লতাবাৰী সত্যনাৰায়ণ মন্দিৰৰ সভাপতি আছিল।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।