NORTHEAST NOW (Assamese)
অসম

বিয়াত মেখেলা-চাদৰ পিন্ধিবনে প্ৰিয়ংকাই?

Posted by: এন ই নাও নিউজ October 19, 2018 8:06 pm
priyanka chopra assam attire

এমেৰিকান গায়ক নিক জ’নাছৰ সৈতে অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চ’প্ৰাৰ বিবাহ নিশ্চিত হোৱাৰ পিছত বলিউদৰ ব্যাপক চৰ্চা চলিছে বিয়াত কি পিন্ধিব অভিনেত্ৰীগৰাকীয়ে!

অহা ২ ডিচেম্বৰত যোধপুৰত হ’বলগীয়া বিবাহ অনুষ্ঠানটোত অসমীয়া মেখেলা-চাদৰেৰে সজ্জিত হ’ব নেকি পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ গৰাকী?

Celebratainment’ৰ এক খবৰ অনুসৰি প্ৰিয়ংকাই “মৰমলগা আৰু আৰামদায়ক” পোচাক পিন্ধি ভাল পায়।

বহুতৰ মতে মেখেলা-চাদৰ পিন্ধি অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে একাংশৰ সমালোচনাৰ পাত্ৰ হোৱা প্ৰিয়ংকাই মুখ বন্ধ কৰিব পাৰে সমালোচকৰ।

লগতে পঢ়ক– ৩৭ কোটি টকা দাবী, প্ৰিয়ংকাৰ বিয়াত ভিনিহিয়েকৰ জেপ উদং কৰিব খুলশালী পৰিনীতিয়ে!

সেয়ে হ’লে অসমীয়া সাজযোৰৰ প্ৰতি ব্ৰেণ্ড এম্বেছেদৰৰূপে এয়া হ’ব প্ৰিয়ংকাৰ এক বিশেষ সন্মান।